আন্তৰ্জাতিক সংবাদ

February 6, 2025 5:31 PM

views 38

বাংলাদেশত একাংশ প্ৰতিবাদকাৰীৰ হাতত বংগবন্ধু স্মাৰক সংগ্ৰহালয় ধ্বংস

বাংলাদেশৰ ৰাজধানী ঢাকাত কালি নিশা একাংশ প্রতিবাদকাৰীয়ে আৰক্ষীৰ উপস্থিতিত বুলড'জাৰৰ সহায়ত বংগবন্ধু স্মাৰক সংগ্ৰহালয় ভাঙি পেলায়। বাংলাদেশৰ জনক তথা দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ পিতৃ বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ এই বাসভৱনটোক পৰৱৰ্তীকালত সংগ্ৰহালয়ৰূপে চিহ্নিত কৰা হৈছিল। প্ৰতিবাদকাৰী...

February 6, 2025 11:13 AM

views 30

ৰাজকুমাৰ ৰোহিম আল হুছেইনীক ইছমাইলী মুছলমানৰ আধ্যাত্মিক নেতা নতুন আগা খান হিচাপে নামকৰণ

ৰাজকুমাৰ ৰোহিম আল হুছেইনীক ইছমাইলী মুছলমানৰ অধ্যাত্মিক নেতা নতুন আগা খান হিচাপে নামকৰণ কৰা হৈছে। পিতৃৰ ইচ্ছাপত্ৰত আগা খান পঞ্চম নামেৰে চিহ্নিত ৫৩ বছৰীয়া ৰাজকুমাৰ ৰোহিম ইছমাইলীসকলৰ ৫০ সংখ্যক বংশগত ইমাম হিচাপে পৰিগণিত হয়। তেওঁৰ পিতৃ আগা খান চতুৰ্থ তথা ইছলাম ধৰ্মগুৰু ৰাজকুমাৰ কৰিম আল হুছেইনীয়ে ৮৮ বছ...

February 5, 2025 1:01 PM

views 38

ছুইডেনৰ ষ্টকহোমৰ অ’ৰেব্ৰ’ চহৰৰ এটা শৈক্ষিক কেন্দ্ৰত বন্দুকধাৰীৰ গুলীত ১০জন লোকৰ মৃত্যু

ছুইডেনৰ ষ্টকহোমৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ পশ্চিমত অৱস্থিত অ'ৰেব্ৰ' চহৰৰ এটা শৈক্ষিক কেন্দ্ৰত কালি এজন বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাত কমেও ১০ জন লোকৰ মৃত্যু হয়। মৃত লোকসকলৰ ভিতৰত বন্দুকধাৰীজনো আছে বুলি ছুইডেনৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে। অৱশ্যে এই ঘটনাত মৃত্যু হোৱা লোকৰ প্রকৃত তথ্য এতিয়াও সঠিকভাৱে জা...

February 4, 2025 6:50 PM

views 37

শ্রীলংকাৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন

শ্রীলংকাই আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। কলম্বোৰ ইণ্ডিপেণ্ডেন্স স্কুৱেৰত এই দিৱসৰ চৰকাৰী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অন্যান্য চহৰসমূহতো এই দিৱস বিস্তৃত কাৰ্যসূচীৰে পালনৰ দিহা কৰা হৈছে। ৰাষ্ট্ৰৰ পুনৰুজ্জীৱিতকৰণৰ দিশে নতুন দৃষ্টিভংগীৰে দেশখনে ইয়াৰ নতুন চৰকাৰৰ অধীনত আজি ৭৭ সংখ্যক স্বাধীনতা...

February 4, 2025 6:42 PM

views 32

বেলজিয়ামৰ নতুন প্রধানমন্ত্রী হিচাপে বার্ট ডে ৱেভাৰৰ দায়িত্ব গ্রহণ

বেলজিয়ামত বার্ট ডে ৱেভাৰে দেশখনৰ নতুন প্রধানমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰিছে। তেওঁ বেলজিয়াম ৰজা ফিলিপৰ সন্মুখত কালি ৰাজভৱনত নতুন প্রধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। ৫টা দলৰ এই মৰ্চা চৰকাৰে বাজেটৰ সংস্কাৰত গুৰুত্ব দিয়াৰ উপৰি অনুপ্ৰৱেশ ৰোধ আৰু অৰ্থনৈতিক পুনগঠনৰ নীতি নিৰ্ধাৰণত মনোনিৱেশ কৰিব। ৱেভাৰ...

February 2, 2025 8:30 PM

views 31

ভাৰত আৰু ইণ্ডোনেছিয়াৰ সম্পৰ্ক কেৱল ভু-ৰাজনৈতিক নহয়, এই সম্পৰ্ক হাজাৰ বছৰ পুৰণি বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উল্লেখ

ভাৰত আৰু ইণ্ডোনেছিয়াৰ সম্পৰ্ক কেৱল ভু-ৰাজনৈতিক নহয় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উল্লেখ কৰিছে। তেওঁ কয়, যে দেশ দুখনৰ সম্পৰ্ক হাজাৰ বছৰ পুৰণি। ইণ্ডোনেছিয়াৰ জাকাৰ্টাত শ্রীসনাতন ধর্ম আলায়মৰ মহাকুম্বভিছেগমত দিয়া ভাষণত তেওঁ কয়, যে দুয়োখন দেশ সংস্কৃতি, সভ্যতাৰ এনাজৰী তথা আধ্যাত্মিকতাৰ ডো...

February 2, 2025 8:19 PM

views 29

বিগত দশকটোত ভাৰতত উল্লেখযোগ্য পৰিৱৰ্তন সাধন হৈছে বুলি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধ্যক্ষ ফিলেমন য়াঙৰ মত প্ৰকাশ

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধ্যক্ষ ফিলেমন য়াঙে বিগত দশকটোত ভাৰতত উল্লেখযোগ্য পৰিৱৰ্তন সাধন হৈছে বুলি মত প্ৰকাশ কৰে। তেওঁ কয়, যে অহা ৪ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ ভাৰত ভ্ৰমণ কৰি তেওঁ ডিজিটেল আৰু প্ৰযুক্তিগত উদ্ভাৱনে এই পৰিৱৰ্তনত যোগোৱা অৰিহনাৰ আভাস লাভ কৰিব। সংবাদমাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ বিশ্বৰ সৰ্ববৃ...

February 2, 2025 6:55 PM

views 45

লিবিয়াৰ উপকূলত নাও বুৰি কমেও ২০ জন লোকৰ মৃত্যু

লিবিয়াৰ উপকূলৰ পৰা ইটালীলৈ অবৈধ প্ৰবজনকাৰী কঢ়িয়াই নিয়া এখন নাও বুৰাৰ ফলত কমেও ২০ জন লোকৰ মৃত্যু হৈছে। মৃত লোককেইজন বাংলাদেশী নাগৰিক বুলি সন্দেহ কৰা হৈছে। অৱশ্যে কালি বাংলাদেশৰ বৈদেশিক মন্ত্ৰ্যালয়ে মৃতদেহকেইটা চিনাক্তকৰণৰ বাবে উপযুক্ত নথি পোৱা নাই বুলি জানিবলৈ দিয়ে। লিবিয়াৰ পৰা প্রায় ৪০ কিলোম...

February 2, 2025 6:49 PM

views 39

কানাডাৰ প্রধানমন্ত্রী জাষ্টিন টুডুৱে দেশখনলৈ আমদানিকৃত আমেৰিকান সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ ঘোষণা

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে সামগ্ৰীৰ ওপৰত আৰোপ কৰা শুল্কৰ প্ৰতি সঁহাৰি জনাই কানাডাৰ প্রধানমন্ত্রী জাষ্টিন টুডুৱে দেশখনলৈ আহিবলগীয়া ১৫৫ বিলিয়ন ডলাৰ মূল্যৰ আমেৰিকান সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ ঘোষণা কৰিছে। অটোৱাত অনুষ্ঠিত সংবাদ সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰীটুডুৱে ১২৫ বিলিয়ন ডলাৰৰ আমেৰিক...

February 2, 2025 12:27 PM

views 43

ছুডানৰ ওমদুৰমানত ৰেপিড ছাপোৰ্ট অৰ্ধসামৰিক বাহিনীৰ গুলীবর্ষণত কমেও ৪৫ জন অসামৰিক লোকৰ প্ৰাণহানি

ছুডানৰ ৰাজধানী খাতুমৰ উত্তৰ প্ৰান্তৰ ওমদুৰমানৰ এখন ব্যস্ত বজাৰত কালি ৰেপিড ছাপোৰ্ট অৰ্ধসামৰিক বাহিনীয়ে চলোৱা গুলীবর্ষণত কমেও ৪৫ জন অসামৰিক লোকে প্ৰাণ হেৰুৱাই আৰু অন্য ৮২ জন আহত হয়। অল থাওৰা প্ৰতিৰোধ সমিতি নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে অৰ্ধসামৰিক বাহিনীয়ে কৰাৰী এলেকাৰ ছবৰিন বজাৰত ইচ্ছাকৃতভাৱে গুলীব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।