ছুডানৰ ৰাজধানী খাতুমৰ উত্তৰ প্ৰান্তৰ ওমদুৰমানৰ এখন ব্যস্ত বজাৰত কালি ৰেপিড ছাপোৰ্ট অৰ্ধসামৰিক বাহিনীয়ে চলোৱা গুলীবর্ষণত কমেও ৪৫ জন অসামৰিক লোকে প্ৰাণ হেৰুৱাই আৰু অন্য ৮২ জন আহত হয়। অল থাওৰা প্ৰতিৰোধ সমিতি নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে অৰ্ধসামৰিক বাহিনীয়ে কৰাৰী এলেকাৰ ছবৰিন বজাৰত ইচ্ছাকৃতভাৱে গুলীবর্ষণ কৰি এই গণহত্যা সংঘটিত কৰা বুলি প্ৰকাশ কৰিছে।
Assamese | February 2, 2025 12:27 PM | Sudan Conflict
ছুডানৰ ওমদুৰমানত ৰেপিড ছাপোৰ্ট অৰ্ধসামৰিক বাহিনীৰ গুলীবর্ষণত কমেও ৪৫ জন অসামৰিক লোকৰ প্ৰাণহানি