আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে সামগ্ৰীৰ ওপৰত আৰোপ কৰা শুল্কৰ প্ৰতি সঁহাৰি জনাই কানাডাৰ প্রধানমন্ত্রী জাষ্টিন টুডুৱে দেশখনলৈ আহিবলগীয়া ১৫৫ বিলিয়ন ডলাৰ মূল্যৰ আমেৰিকান সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ ঘোষণা কৰিছে। অটোৱাত অনুষ্ঠিত সংবাদ সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰীটুডুৱে ১২৫ বিলিয়ন ডলাৰৰ আমেৰিকান আমদানি সামগ্ৰীৰ ক্ষেত্ৰত অহা মঙলবাৰৰ পৰা ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে। তেওঁ লগতে ২১ দিনত ১২৫ বিলিয়ন ডলাৰৰ আমেৰিকান সামগ্ৰীৰ ক্ষেত্ৰতো একে ধৰণৰ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে। শ্ৰীটুডুৱে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত কয়, যে তেওঁ কেবিনেটক সাক্ষাৎ কৰিছে আৰু মেক্সিকোৰ ৰাষ্ট্ৰপতি শ্বিনবামৰ সৈতেও কথা পাতিব। তেওঁ কয়, যে কানাডাই এনে পৰিস্থিতি বিচৰা নাছিল যদিও বৰ্তমান পৰিস্থিতিৰ মুখামুখি হবলৈ দেশখন সাজু আছে। ইয়াৰ পূৰ্বে মেক্সিকোৰ ৰাষ্ট্ৰপতি লাডিয়া শ্বিনবামে কয়, যে তেওঁৰ দেশে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে আৰোপ কৰা এই শুল্কৰ নিজাববীয়াকৈ শুল্ক আৰোপ আৰু অন্যান্য প্ৰতিকাৰ ব্যৱস্থাৰে প্ৰত্যুত্তৰ দিব। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রীমতী শ্বিনবামে কয়, যে তেওঁ তেওঁৰ বিত্তমন্ত্ৰীক প্লান-বি ৰণনীতি প্ৰয়োগ কৰিবলৈ নিৰ্দেশ দিছে। যিয়ে মেক্সিকোৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে শুল্ক আৰু শুল্কবিহীন দুয়োটা ব্যৱস্থাকে সামৰি লৈছে। ইফালে চীনা আমদানিৰ ক্ষেত্ৰত আমেৰিকাই আৰোপ কৰা ১০ শতাংশ শুল্ক বিষয়ত চীনে বিৰোধিতা কৰিছে। চীনা কৰ্তৃপক্ষই কৈছে যে, দেশখনৰ বৈধ অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে চীনে প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। এটা বিবৃতিত চীনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্রই দাবী কৰে যে, চীনৰ স্থিতি দৃঢ় আৰু সামঞ্জস্যপূর্ণ। কিয়নো বাণিজ্য আৰু শুল্কত কোনো বিজয়ী নাই।
Assamese | February 2, 2025 6:49 PM | Canadian Prime Minister Justin Trudeau
কানাডাৰ প্রধানমন্ত্রী জাষ্টিন টুডুৱে দেশখনলৈ আমদানিকৃত আমেৰিকান সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ ঘোষণা