ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধ্যক্ষ ফিলেমন য়াঙে বিগত দশকটোত ভাৰতত উল্লেখযোগ্য পৰিৱৰ্তন সাধন হৈছে বুলি মত প্ৰকাশ কৰে। তেওঁ কয়, যে অহা ৪ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ ভাৰত ভ্ৰমণ কৰি তেওঁ ডিজিটেল আৰু প্ৰযুক্তিগত উদ্ভাৱনে এই পৰিৱৰ্তনত যোগোৱা অৰিহনাৰ আভাস লাভ কৰিব। সংবাদমাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক দেশ তথা পঞ্চম বৃহৎ অর্থনীতি হিচাপে ভাৰতক ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ সদস্য আখ্যা দিয়ে। সমাগত ভাৰত ভ্ৰমণ সম্পর্কে ইতিবাচক মনোভাৱ প্ৰতিফলিত কৰি য়াঙে কয়, যে তেওঁ ভাৰতে অগ্ৰাধিকাৰ দিয়া দিশসমূহৰ লগতে দেশখনত বহুপাক্ষিকতাবাদৰ ভৱিষ্যত সম্পর্কে অধিক গভীৰভাৱে বুজ লোৱাৰ আশা কৰিছে
Assamese | February 2, 2025 8:19 PM | UNGA President
বিগত দশকটোত ভাৰতত উল্লেখযোগ্য পৰিৱৰ্তন সাধন হৈছে বুলি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধ্যক্ষ ফিলেমন য়াঙৰ মত প্ৰকাশ