শ্রীলংকাই আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। কলম্বোৰ ইণ্ডিপেণ্ডেন্স স্কুৱেৰত এই দিৱসৰ চৰকাৰী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অন্যান্য চহৰসমূহতো এই দিৱস বিস্তৃত কাৰ্যসূচীৰে পালনৰ দিহা কৰা হৈছে। ৰাষ্ট্ৰৰ পুনৰুজ্জীৱিতকৰণৰ দিশে নতুন দৃষ্টিভংগীৰে দেশখনে ইয়াৰ নতুন চৰকাৰৰ অধীনত আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস পালন কৰিছে। আৰক্ষীৰ মিডিয়াৰ মুখপাত্র বুদ্ধিকা মানাটুংগাই কয়, যে এই দিৱস উদযাপনৰ বাবে এহাজাৰৰো অধিক আৰক্ষী বিষয়া নিয়োগ কৰা হৈছে। কলম্বোত আয়োজিত চৰকাৰী কাৰ্যসূচীত ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কেই বিশেষ ভাষণ প্ৰদান কৰিব। ইয়াৰ লগতে সামৰিক কুচ-কাৱাজ আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে ।
Assamese | February 4, 2025 6:50 PM | Sri Lanka Independence Day
শ্রীলংকাৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন