বেলজিয়ামত বার্ট ডে ৱেভাৰে দেশখনৰ নতুন প্রধানমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰিছে। তেওঁ বেলজিয়াম ৰজা ফিলিপৰ সন্মুখত কালি ৰাজভৱনত নতুন প্রধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। ৫টা দলৰ এই মৰ্চা চৰকাৰে বাজেটৰ সংস্কাৰত গুৰুত্ব দিয়াৰ উপৰি অনুপ্ৰৱেশ ৰোধ আৰু অৰ্থনৈতিক পুনগঠনৰ নীতি নিৰ্ধাৰণত মনোনিৱেশ কৰিব। ৱেভাৰৰ ১৫ সদস্য বিশিষ্ট মন্ত্রীসভাত মাত্র তিনিগৰাকীহে মহিলা মন্ত্ৰী আছে।
Assamese | February 4, 2025 6:42 PM | Belgium New PM
বেলজিয়ামৰ নতুন প্রধানমন্ত্রী হিচাপে বার্ট ডে ৱেভাৰৰ দায়িত্ব গ্রহণ