ব্যৱসায়

June 24, 2026 2:16 PM

views 61

ভাৰতৰ বাণিজ্যৰ হাৰ বিগত বিত্তীয় বৰ্ষৰ শেষৰ তিনিটা মাহত ৫.৪ শতাংশ বৃদ্ধি

ভাৰতৰ বাণিজ্যৰ হাৰ বিগত বিত্তীয় বৰ্ষৰ শেষৰ তিনিটা মাহত ৫.৪ শতাংশ বৃদ্ধি পাইছে। নিটি আয়োগৰ উপাধ্যক্ষ ড০ অশোক কুমাৰ লাহিৰীয়ে আজি এই কথা প্ৰকাশ কৰে। নতুন দিল্লীত ট্রেড ৱাচৰ ত্রিমাসিক প্ৰতিবেদনৰ শেহতীয়া সংখ্যাটো উন্মোচন কৰি তেওঁ লগতে কয় যে বিত্তীয় বৰ্ষৰ শেষৰ তিনিটা মাহত ভাৰতৰ ৰপ্তানিৰ পৰিমাণ ১.৮৪ ...

June 21, 2026 7:00 PM

views 63

লোকসেৱা ভৱনত কৃষি, জলসিঞ্চন, জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাজেট প্রস্তুতিমূলক বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত কৃষি, জলসিঞ্চন, জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে বাজেট প্রস্তুতিমূলক এখন বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যজুৰি জলসম্পদ ব্যৱস্থাপনা শক্তিশালী কৰাৰ লগতে জলসিঞ্চনৰ সুবিধা ত্বৰান্বিত কৰাৰ উপৰি কৃষি পাম সমূহৰ উৎপাদনশীলত...

June 21, 2026 12:05 PM

views 51

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে  প্রধানমন্ত্রী কৃষক সন্মান নিধি আঁচনিৰ ২৩ সংখ্যক কিস্তি আনুষ্ঠানিকভাবে মুকলি কৰে

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি পশ্চিমবংগৰ তাৰাকেশ্বৰৰ পৰা পি এম কিষাণ উৎসৱ দিৱস কাৰ্যসূচী উপলক্ষে প্রধানমন্ত্রী কৃষক সন্মান নিধি আঁচনি ২৩ সংখ্যক কিস্তি আনুষ্ঠানিকভাবে মুকলি কৰে। এই আঁচনিৰ ধন যোগ্য কৃষকসকলৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ হস্তান্তৰ কৰা হয়। উল্লেখযোগ্য যে, এই আঁচনিৰ অধীনত প্রতিজন যোগ্য ...

June 14, 2026 7:21 PM

views 50

বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্রিক কোষৰ বিষয়াসকলৰ সৈতে কৃষিমন্ত্রী পিযুষ হাজৰিকাৰ পর্যালোচনা বৈঠক

ৰাজ্যৰ কৃষি খণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষিমন্ত্রী পিযুষ হাজৰিকাই আজি বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্রিক কোষৰ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে। এই বৈঠকত কৃষকসকলৰ সমস্যাৰ বুজ লোৱাৰ লগতে কৃষকৰ চৰকাৰী পঞ্জীয়ন বৃদ্ধি কৰাৰ বাবে বিষয়াসকলক নির্দেশ দিয়া...

January 13, 2026 8:47 PM

views 251

প্রধান ডেলিভাৰী প্লেটফৰ্মসমূহে চৰকাৰৰ হস্তক্ষেপৰ পিছত ১০ মিনিট ডেলিভাৰী সেৱাৰ সময়সীমা আঁতৰাবলৈ সন্মত হৈছে

প্রধান ডেলিভাৰী প্লেটফৰ্মসমূহে চৰকাৰৰ হস্তক্ষেপৰ পিছত ১০ মিনিট ডেলিভাৰী সেৱাৰ সময়সীমা আঁতৰাবলৈ সন্মত হৈছে। চৰকাৰী সূত্ৰই জনোৱা মতে, ডেলিভাৰীৰ সময়সীমাৰ সৈতে জড়িত সমস্যা সমূহৰ সমাধানৰ বাবে ব্লিংকিট, জেপ্টহ, জংমেটো আৰু ছুইগিকে ধৰি আগশাৰীৰ প্লেটফৰ্মসমূহৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰা হয়। গিগ কৰ্মীসকলৰ ব...

January 4, 2026 9:21 PM

views 257

কাচাৰ জিলাৰ লক্ষীপুৰ ব্লকৰ আনাৰস খেতি আৰু প্ৰক্ৰিয়াকৰণ খণ্ডক নীতি আয়োগৰ গুৰুত্বপূৰ্ণ স্বীকৃতি প্ৰদান

নৱবৰ্ষৰ আৰম্ভণিতে কাচাৰ জিলাৰ লক্ষীপুৰ ব্লকৰ আনাৰস খেতি আৰু প্ৰক্ৰিয়াকৰণ খণ্ডক নীতি আয়োগে গুৰুত্বপূৰ্ণ স্বীকৃতি প্ৰদান কৰি আশা ব্যঞ্জক অধ্যায়ৰ আৰম্ভ কৰিছে। কৃষিভিত্তিক উদ্ভাৱন, দীৰ্ঘম্যাদী জীৱিকা সৃষ্টিৰ লগতে পৰিৱেশ অনুকূল উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি লক্ষীপুৰ ব্লকক এই স্বীকৃতি প্ৰদান কৰা হৈছে। এই ...

January 4, 2026 7:52 PM

views 236

২০২৫ চনত দেশত ধানৰ উৎপাদন ১৫ কোটি টনৰো অধিক হৈছে বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ প্ৰকাশ

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি ২০২৫ চনত দেশত ধানৰ উৎপাদন ১৫ কোটি টনৰো অধিক হৈছে বুলি প্ৰকাশ কৰিছে। ভাৰতীয় কৃষি গৱেষণা পৰিষদ আই চি এ আৰে বিকশাই তোলা ২৫ বিধ শস্যৰ ১৮৪ টা নতুন জাত মুকলি কৰি শ্রীচৌহানে কয় যে ধানৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতে চীনক পাছ পেলাইছে। তেওঁ লগতে কয় যে ভাৰত বিশ্বৰ...

December 30, 2025 7:07 PM

views 136

অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ অধীনত মাজুলীৰ পকাজৰাত এটা ধান ক্রয় কেন্দ্ৰ মুকলি

অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ অধীনত আজি মাজুলীৰ পকাজৰাত এটা ধান ক্রয় কেন্দ্ৰ মুকলি কৰা হয়। জিলাখনৰ আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে কেন্দ্ৰটো মুকলি কৰে। উল্লেখযোগ্য যে ২০২৫-২৬ বৰ্ষৰ খাৰিফ শস্যৰ বতৰত শালি ধানৰ বাবে চৰকাৰে ন্যূনতম সমর্থন মূল্য প্রতি কুইণ্টলত ২৩৬৯ টকাৰ উপৰি অতিৰিক্ত সাহায্য ২৫০...

December 29, 2025 4:39 PM

views 105

দেশত পানকাৰ্ড আৰু আধাৰকাৰ্ড সংযোগৰ বাবে অন্তিম সময়সীমা অহা ৩১ ডিচেম্বৰ ধাৰ্য

দেশত পানকাৰ্ড আৰু আধাৰকাৰ্ড সংযোগৰ বাবে অন্তিম সময়সীমা অহা ৩১ ডিচেম্বৰ ধাৰ্য কৰা হৈছে। নাগৰিকে কৰ আদায় দিয়াৰ সময়ত ব্যক্তিৰ আধাৰ আৰু পানকাৰ্ড সংলগ্ন কৰাটো বাধ্যতামূলক কৰা হৈছে। ২০২৪ চনৰ ১ অক্টোবৰতে আধাৰকাৰ্ড আৰু পানকাৰ্ড সংলগ্ন কৰাৰ এটা নিৰ্দেশ জাৰি কৰা হৈছিল আৰু পাছত এই সময়সীমা ২০২৫ চনৰ ৩ এপ্ৰি...

December 21, 2025 8:47 PM

views 153

বিকশিত ভাৰত জি ৰাম জী বিধেয়কখন এম জি এনৰেগাৰ পৰৱৰ্তী পদক্ষেপ বুলি কেন্দ্রীয় মন্ত্রী শিবৰাজ সিং চৌহানৰ প্রকাশ

বিকশিত ভাৰত জি ৰাম জী বিধেয়কখন এম জি এনৰেগাৰ পৰৱৰ্তী পদক্ষেপ বুলি কেন্দ্রীয় মন্ত্রী শিবৰাজ সিং চৌহানে প্রকাশ কৰিছে। তেওঁ কয় যে ইয়াৰ জৰিয়তে সমাজৰ দৰিদ্ৰ লোকসকলে অধিক সুবিধা লাভ কৰিব। সামাজিক মাধ্যমৰ এটা বার্তাত মন্ত্ৰীগৰাকীয়ে কয় যে এই বিধেয়কখনে ১২৫ কর্মদিনৰ সুবিধা প্ৰদান কৰিব। পূৰ্বতে এম জি এনৰেগাৰ জ...