প্রধান ডেলিভাৰী প্লেটফৰ্মসমূহে চৰকাৰৰ হস্তক্ষেপৰ পিছত ১০ মিনিট ডেলিভাৰী সেৱাৰ সময়সীমা আঁতৰাবলৈ সন্মত হৈছে। চৰকাৰী সূত্ৰই জনোৱা মতে, ডেলিভাৰীৰ সময়সীমাৰ সৈতে জড়িত সমস্যা সমূহৰ সমাধানৰ বাবে ব্লিংকিট, জেপ্টহ, জংমেটো আৰু ছুইগিকে ধৰি আগশাৰীৰ প্লেটফৰ্মসমূহৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰা হয়। গিগ কৰ্মীসকলৰ বাবে অধিক সুৰক্ষা, নিৰাপত্তা আৰু উন্নত কর্ম পৰিস্থিতি নিশ্চিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। সূত্রসমূহে লগতে কয় যে বৈঠকৰ পিছত ই-কমার্চ প্লেটফর্ম ব্লিংকিটে ইতিমধ্যে এই নির্দেশনা অনুসৰি কাম কৰি ১০ মিনিটৰ ডেলিভাৰীৰ প্ৰতিশ্ৰুতি আঁতৰাইছে। অনাগত দিনত আন আন প্লেটফৰ্ম সমুহেও এই নিৰ্দেশনা মানি চলাৰ সম্ভাৱনা আছে।
Assamese | January 13, 2026 8:47 PM | Akashvani | Blinkit | Delivery Platform | Zomato
প্রধান ডেলিভাৰী প্লেটফৰ্মসমূহে চৰকাৰৰ হস্তক্ষেপৰ পিছত ১০ মিনিট ডেলিভাৰী সেৱাৰ সময়সীমা আঁতৰাবলৈ সন্মত হৈছে