ভাৰতৰ বাণিজ্যৰ হাৰ বিগত বিত্তীয় বৰ্ষৰ শেষৰ তিনিটা মাহত ৫.৪ শতাংশ বৃদ্ধি

ভাৰতৰ বাণিজ্যৰ হাৰ বিগত বিত্তীয় বৰ্ষৰ শেষৰ তিনিটা মাহত ৫.৪ শতাংশ বৃদ্ধি পাইছে। নিটি আয়োগৰ উপাধ্যক্ষ ড০ অশোক কুমাৰ লাহিৰীয়ে আজি এই কথা প্ৰকাশ কৰে।

নতুন দিল্লীত ট্রেড ৱাচৰ ত্রিমাসিক প্ৰতিবেদনৰ শেহতীয়া সংখ্যাটো উন্মোচন কৰি তেওঁ লগতে কয় যে বিত্তীয় বৰ্ষৰ শেষৰ তিনিটা মাহত ভাৰতৰ ৰপ্তানিৰ পৰিমাণ ১.৮৪ ত্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পোৱাৰ বিপৰীতে আমদানিৰ হাৰ ৬.৫ শতাংশলৈ বৃদ্ধি পাইছে।