June 24, 2026 2:16 PM

views 33

ভাৰতৰ বাণিজ্যৰ হাৰ বিগত বিত্তীয় বৰ্ষৰ শেষৰ তিনিটা মাহত ৫.৪ শতাংশ বৃদ্ধি

ভাৰতৰ বাণিজ্যৰ হাৰ বিগত বিত্তীয় বৰ্ষৰ শেষৰ তিনিটা মাহত ৫.৪ শতাংশ বৃদ্ধি পাইছে। নিটি আয়োগৰ উপাধ্যক্ষ ড০ অশোক কুমাৰ লাহিৰীয়ে আজি এই কথা প্ৰকাশ কৰে। নতুন দিল্লীত ট্রেড ৱাচৰ ত্রিমাসিক প্ৰতিবেদনৰ শেহতীয়া সংখ্যাটো উন্মোচন কৰি তেওঁ লগতে কয় যে বিত্তীয় বৰ্ষৰ শেষৰ তিনিটা মাহত ভাৰতৰ ৰপ্তানিৰ পৰিমাণ ১.৮৪ ত্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পোৱাৰ বিপৰীতে আমদানিৰ হাৰ ৬.৫ শতাংশলৈ বৃদ্ধি পাইছে।

July 9, 2024 12:27 PM

views 33

মস্কোত ২২সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্রহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মস্কোত ২২ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে অংশগ্রহণ কৰিব। সন্মিলনত দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজৰ প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, শক্তি সহযোগিতা, শিক্ষা, সংস্কৃতি, পর্যটন আৰু পৰস্পৰৰ মাজৰ বিনিময় আদি দ্বিপাক্ষিক বিষয়সমূহ সন্দৰ্ভত পর্যালোচনা চলাব। তেওঁলোকে পাৰস্পৰিক স্বার্থজড়িত সাম্প্রতিক আঞ্চলিক আৰু গোলকীয় বিকাশক লৈও মত বিনিময় কৰিব। তদুপৰি তেওঁলোকে ব্ৰিকছ, চাংহাই সহযোগিতা সংস্থা, জি-২০, পূব এছিয়া সন্মিলন আৰু...