ব্যৱসায়

September 21, 2026 8:16 PM

views 13

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মুক্ত বাণিজ্য চুক্তি ২০ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মুক্ত বাণিজ্য চুক্তি বিজয়া দশমী উপলক্ষে অহা ২০ অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব। নতুন দিল্লীত আজি এখন সংবাদমেল সম্বোধন কৰি বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিযুষ গোৱেলে কয় যে এই চুক্তিয়ে নিউজিলেণ্ডলৈ ভাৰতীয় সামগ্ৰীৰ এশ শতাংশ শুল্কবিহীন ৰপ্তানীৰ সুযোগ দিব। তেওঁ কয়, যে এই কৌশলগত অংশীদাৰিত...

September 20, 2026 8:47 PM

views 15

জাগীৰোডৰ ৰূপহী চুপাৰী সংস্থাৰ সৈতে অঞ্চলটোৰ পাণ আৰু অন্যান্য কৃষিজাত সামগ্ৰীৰ সম্ভাৱনা সন্দৰ্ভত  কৃষি মন্ত্রী পীযুষ হাজৰিকাৰ আলোচনা

কৃষি মন্ত্রী পীযুষ হাজৰিকাই আজি জাগীৰোডৰ ৰূপহী চুপাৰী সংস্থাৰ সদস্যসকলৰ সৈতে অঞ্চলটোৰ পাণ আৰু অন্যান্য কৃষিজাত সামগ্ৰীৰ সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে উন্নত উৎপাদনশীলতা, মূল্য সংযোজন আৰু বজাৰ প্ৰৱেশাধিকাৰৰ ওপৰত গুৰুত্ব দিয়াৰ পোষকতা কৰি কয়, যে ইয়াৰ জৰিয়তে কৃষকসকলৰ লাভ অৰ্জন বৃদ্ধি হ'ব। ...

September 14, 2026 9:26 PM

views 21

দেশৰ পাইকাৰী মূল্য সূচকাংক (WPI) ভিত্তিক মুদ্রাস্ফীতি আগষ্টত সামান্য বৃদ্ধি

দেশৰ পাইকাৰী মূল্য সূচকাংক (WPI) ভিত্তিক মুদ্রাস্ফীতি আগষ্টত সামান্য বৃদ্ধি পাইছে। বার্ষিক ভিত্তিত এই সূচকাংক জুলাইৰ ৯.৭৮ শতাংশৰ পৰা বৃদ্ধি পাই আগষ্টত ৯.৯২ শতাংশ হৈছেগৈ। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা মাহত খনিজ তেল, খাদ্য সামগ্রী, খাদ্য সামগ্রী, মৌলিক ধাতু, খাদ্য-বহির্ভূ...

September 6, 2026 12:17 PM

views 43

কৃষকৰ উপাৰ্জন পাঁচগুণ কৰিব পাৰিলেহে অসমখন আগুৱাই যাব বুলি কৃষি আৰু জলসিঞ্চন মন্ত্রী পীযুষ হাজৰিকাৰ মন্তব্য

কৃষকৰ উপাৰ্জন পাঁচগুণ কৰিব পাৰিলেহে অসমখন আগুৱাই যাব বুলি কৃষি আৰু জলসিঞ্চন মন্ত্রী পীযুষ হাজৰিকাই মন্তব্য কৰিছে। ভোকেল ফৰ লোকেল আঁচনিৰ অধীনত নতুন ষ্টার্টআপক উৎসাহিত কৰাৰ লগতে গুণগত মান পর্যালোচনা কৰাৰ বাবে কালি ক্ষেত্ৰী বামফৰৰ অসম মাখনা উদ্যোগ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে অসমখনক আমি কৃষিৰ ক্ষ...

September 4, 2026 12:57 PM

views 28

বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্রিমাষিকত ৭.৮ শতাংশ মুঠ ঘৰুৱা উৎপাদনৰ সাফল্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগ খণ্ডক বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিযুষ গোৱেলৰ প্রশংসা

বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিযুষ গোৱেলে কালি চলিত বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্রিমাষিকত ৭.৮ শতাংশ মুঠ ঘৰুৱা উৎপাদনৰ সাফল্য অৰ্জনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগ খণ্ডক প্রশংসা কৰিছে।  নতুন দিল্লীত মুক্ত বাণিজ্য চুক্তিৰ সন্দৰ্ভত এখন ৰাষ্ট্ৰীয় কর্মশালাত অধ্যক্ষতা কৰি শ্...

July 28, 2026 12:27 PM

views 81

বানত ক্ষতিগ্রস্ত উজনিৰ কেইবাখনো জিলাৰ ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল প্ৰেৰণৰ বাবে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ সিদ্ধান্ত

শেহতীয়া বানত উজনি অসমৰ কেইবাখনো জিলাত হোৱা ক্ষয়ক্ষতিৰ মূল্যায়ণ আৰু পুনৰ নিৰ্মাণ কাৰ্য দ্রুত গতিত আগবঢ়োৱাৰ লক্ষ্যৰে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে ক্ষতিগ্রস্ত অঞ্চলসমূহলৈ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটীত কালি অনুষ্ঠিত বিভাগীয় পর্যালোচনা বৈঠকৰ অন্তত পঞ্চায়ত আৰু গ...

July 19, 2026 7:24 PM

views 66

কৃষিমন্ত্রী পীযুষ হাজৰিকাই বিধায়ক মৃণাল শইকীয়াৰ সৈতে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন

কৃষিমন্ত্রী পীযুষ হাজৰিকাই আজি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ সৈতে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। কৃষি মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ কৃষকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কয়, যে কৃষকসকলৰ মূল সমস্যা জলসিঞ্চনৰ অভাৱ, উন্নত বাট-পথৰ অভাব আৰু শীতল ভঁৰালৰ প্ৰ...

July 19, 2026 12:59 PM

views 73

ৰাজ্য চৰকাৰৰ চাপযুক্ত পাইপেৰে জলসিঞ্চন নেটৱৰ্ক গঢ়ি তোলাৰ বাবে পৰৱৰ্তী ৫ বছৰত ৪ হাজাৰ কোটি টকা বিনিয়োগৰ পৰিকল্পনা

ৰাজ্য চৰকাৰে চাপযুক্ত পাইপেৰে জলসিঞ্চন নেটৱৰ্ক গঢ়ি তোলাৰ বাবে পৰৱৰ্তী ৫ বছৰত ৪ হাজাৰ কোটি টকা বিনিয়োগৰ পৰিকল্পনা কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে বাজেটত উল্লেখ কৰা এই জলসিঞ্চন উদ্যমৰ সবিশেষ প্ৰকাশ কৰি কয়, যে অহা ৫ বছৰত সমগ্ৰ ৰাজ্য চাপযুক্ত পাইপেৰে জলসিঞ্চনৰ ব্যৱস্থা...

July 12, 2026 8:53 PM

views 70

কৃষি মন্ত্ৰী পীযূষ হাজৰিকাৰ বাঘজাপ গাঁও পঞ্চায়তৰ হাতীয়ামুখ জলসিঞ্চন প্রকল্প পৰিদৰ্শন

কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই আজি জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঘজাপ গাঁও পঞ্চায়তৰ হাতীয়ামুখ জলসিঞ্চন প্রকল্প পৰিদৰ্শন কৰে। প্ৰায় ৩০ কোটি ৬৭ লাখ টকা ব্যয় সাপেক্ষ এই জলসিঞ্চন প্ৰকল্পৰ জৰিয়তে প্রায় ৫৮০০ বিঘা কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। এই পৰিদৰ্শন কা...

July 12, 2026 7:36 PM

views 54

তেজপুৰৰ বাৰীকা চুবুৰীত অত্যাধুনিক স্বয়ংক্রিয় কণী পৰা কুকুৰা পামৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন

ৰাজ্যৰ মীন, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্রী নীলিমা দেৱীয়ে আজি তেজপুৰৰ বাৰীকা চুবুৰীত থকা জিলা কুকুৰা পামত এটা অত্যাধুনিক স্বয়ংক্রিয় কণী পৰা কুকুৰা পামৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। গ্রাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ ৩ কোটি ৪৮ লাখ ৯১ হাজাৰ টকা ব্যয়েৰে এই প্ৰকল্পটো নির্মাণ কৰা হ'ব। মন...