ভাৰত আৰু কানাডাৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ৭হাজাৰ কোটি ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নির্ধাৰণ

অহা পাঁচ বছৰৰ ভিতৰত ভাৰত আৰু কানাডাৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ বৰ্তমানৰ প্রায় ৩০ বিলিয়ন ডলাৰৰ পৰা ৭০ বিলিয়ন ডলাৰলৈ সম্প্ৰসাৰণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।

কানাডাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মন্ত্রী মনিন্দৰ সিধুৱে প্ৰকাশ কৰা অনুসৰি, দুয়োখন দেশে বিস্তৃত বাণিজ্য চুক্তি চূড়ান্ত কৰাৰ দিশে খৰতকীয়াকৈ পদক্ষেপ গ্ৰহণ কৰিছে। অহা সোমবাৰৰ পৰা ওটাৱাত এই দ্বিপাক্ষিক আলোচনাৰ পঞ্চমটো পর্যায় অনুষ্ঠিত হ’ব।

বাণিজ্য মন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে যে শক্তি, অর্থনৈতিক দিশৰপৰা গুৰুত্বপূৰ্ণ খনিজ পদার্থ আৰু বিমান আকাশ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত গভীৰ সহযোগিতাৰ পৰ্যাপ্ত সুযোগ আছে।

বিশেষকৈ ভাৰতৰ স্বয়ংক্রিয় বাহন, বৈদ্যুতিক বাহন আৰু বেটাৰী উদ্যোগৰ ব্যাপক সম্প্ৰসাৰণৰ পৰিপ্ৰেক্ষিতত গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ সৰবৰাহে দুয়োখন দেশৰ অৰ্থনৈতিক সম্পৰ্কক শক্তিশালী ৰূপ প্রদান কৰিব।

২০২৫ চনৰ নৱেম্বৰ মাহত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মার্ক কার্নীৰ মাজত হোৱা সন্মতিহুমর্মে সামগ্রিক অর্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ আলোচনা পুনৰাৰম্ভ কৰা হৈছিল। ইয়াৰ ইতিমধ্যে চাৰিটা পৰ্যায়ৰ আলোচনা সফলতাৰে সম্পন্ন হৈছে আৰু এই বৰ্ষত এই ঐতিহাসিক চুক্তি সর্বসম্মতিক্রমে চূড়ান্ত কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে।