September 21, 2026 8:16 PM | India-New Zeeland

printer

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মুক্ত বাণিজ্য চুক্তি ২০ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মুক্ত বাণিজ্য চুক্তি বিজয়া দশমী উপলক্ষে অহা ২০ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। নতুন দিল্লীত আজি এখন সংবাদমেল সম্বোধন কৰি বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিযুষ গোৱেলে কয় যে এই চুক্তিয়ে নিউজিলেণ্ডলৈ ভাৰতীয় সামগ্ৰীৰ এশ শতাংশ শুল্কবিহীন ৰপ্তানীৰ সুযোগ দিব।

তেওঁ কয়, যে এই কৌশলগত অংশীদাৰিত্বই দেশ দুখনৰ মাজত দ্বিপাক্ষিক সম্পর্কক আৰু অধিক গভীৰ কৰাৰ সামুহিক আকাংক্ষাক প্রতিফলিত কৰে। তেওঁ লগতে কয় যে দুয়োখন দেশৰ মাজত পৰৱৰ্তী ৪-৫ বছৰত পণ্য আৰু সেৱাত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰি প্ৰায় ৩০ হাজাৰ কোটি টকাৰ মূল্যলৈ লৈ যোৱাতো লক্ষ্য লোৱা হৈছে।

তেওঁ কয় যে ভাৰতৰ এম এছ এম ই খণ্ড, কৃষকসকল, হস্ততাত আৰু কাৰু শিল্পীসকলক যথেষ্ট লাভৱান কৰিব আৰু নতুন নিয়োগৰ সুবিধা সৃষ্টি কৰিব। মন্ত্ৰীগৰাকীয়ে কয়, যে এই চুক্তিৰ অধীনত নিউজিলেণ্ডে ভাৰতত ২ লাখ কোটি টকা বৈদেশিক প্রত্যক্ষ বিনিয়োগ অর্থাৎ এফ ডি আই ৰূপায়ণ কৰাৰ প্ৰতিশ্রুতি দিছে। দুয়োখন দেশৰ মাজৰ মুক্ত বাণিজ্য চুক্তি সন্দর্ভত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।