October 2, 2026 12:27 PM | Seva Sankalp Abhiyan

printer

ব্যৱসায় সুচলতা আইন ২০২৬ৰ সংশোধনীৰে কেতবোৰ অনুমোদন, প্রমাণপত্ৰ আৰু অনুজ্ঞাপত্ৰ স্বয়ংক্রিয়ভাৱে নবীকৰণৰ ব্যৱস্থা কৰা হৈছে

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত ২৫ বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূর্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে।

এনে প্রয়াসৰ অংশ হিচাপে দেশত ব্যৱসায়িক সুচলতা আইনৰ জৰিয়তে সুচল বাণিজ্যিক বাতাবৰণ গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে।

অসমত ২০১৬ চনত ব্যৱসায় সুচলতা আইন প্রণয়ন কৰা হৈছিল আৰু ২০২০ চনত এই আইনৰ সংশোধন কৰা হৈছে। এই অনুসৰি অনলাইন স্বঘোষণাৰ ভিত্তিত কেতবোৰ অনুমোদন, প্রমাণপত্ৰ আৰু অনুজ্ঞাপত্ৰ স্বয়ংক্রিয়ভাৱে নবীকৰণৰ দিহা কৰা হৈছে। ইয়াৰ উপৰি বিনিয়োগকাৰীসকলক উদ্যোগ স্থাপনত সহায় কৰাৰ উদ্দেশ্যে ২৪খন জিলাত উদ্যোগ মিত্র নিয়োগ কৰা হৈছে।

একেদৰে অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ প্রতিষ্ঠা আৰু পৰিচালনাৰ সুবিধা আইনৰ জৰিয়তে এনে উদ্যোগসমূহৰ বাবে কিছুমান ক্ষেত্ৰত অনুজ্ঞাপত্র বা পঞ্জীয়ন অবিহনে তিনি বছৰলৈ ব্যৱসায় আৰম্ভ কৰা আৰু পৰিচালনা কৰাৰ ব্যৱস্থা কৰা হৈছে।

এই পদক্ষেপসূহৰ জৰিয়তে অসমত উদ্যোগ স্থাপন আৰু ব্যৱসায় পৰিচালনাৰ প্ৰক্ৰিয়া সৰল কৰাৰ প্ৰচেষ্টা অব্যাহত আছে আৰু এনে প্ৰচেষ্টাৰ পৰা ৰাজ্যৰ উদ্যোগীসকল বিশেষভাবে লাভান্বিত হোৱা পৰিলক্ষিত হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।