লাহে লুমছৰ প্ৰতিষ্ঠাপক জাহ্নবী ফুকনে ২০২৬ বৰ্ষৰ মিনিংফুল বিজনেচ হান্ড্রেদ বঁটাৰ বাবে বাচনি লাভ কৰা ১০০ গৰাকী ব্যৱসায়ীৰ ভিতৰত স্থান লাভ কৰিছে।
ব্যৱসায়ৰ সৈতে সামাজিক আৰু পাৰিপাৰ্শ্বিক প্ৰভাৱৰ সমন্বয়ৰ বাবে জাহ্নবী ফুকনক এই বঁটাৰ বাবে বাচনি কৰা হৈছে।
তেওঁৰ প্ৰতিষ্ঠান লাহে লুমচে মহিলা শিপিনীসকলৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰাৰ লগতে অসমত হস্ততাঁত ঐতিহ্যৰ প্ৰসাৰ কৰি আহিছে।