July 10, 2026 7:45 PM

views 8

নিকা শক্তিৰ জৰিয়তে দ্বিতীয়বাৰৰ বাবে দেশৰ বিদ্যুৎ চাহিদাৰ ৫০ শতাংশৰো অধিক পূৰ্ণ হৈছেঃ প্ৰহ্লাদ যোশী

নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে নিকা শক্তিৰ জৰিয়তে দ্বিতীয়বাৰৰ বাবে দেশৰ বিদ্যুৎ চাহিদাৰ ৫০ শতাংশৰো অধিক পূৰ্ণ হৈছে বুলি প্ৰকাশ কৰিছে। শ্ৰীযোশীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে যোৱা ৬ জুলাইত নবীকৰণযোগ্য উৎসৰ জৰিয়তে ৫০ দশমিক ২ শতাংশ বিদ্যুৎ যোগান ধৰা হয়। মন্ত্ৰীগৰাকীয়ে...

July 10, 2026 7:28 PM

views 5

প্রধানমন্ত্ৰী মোদীয়ে স্বার্থহীন কাম-কাজক মানৱতাৰ সবাতোকৈ বৃহৎ শক্তি বুলি অভিহিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বার্থহীন কাম-কাজক মানৱতাৰ সবাতোকৈ বৃহৎ শক্তি বুলি অভিহিত কৰিছে। সামাজিক মাধ্যমৰ নিজৰ হেণ্ডলত সংস্কৃতৰ এটা হিতোপদেশৰ বিষয়ে উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, যে সেৱা আৰু নিষ্ঠাৰ এই মানসিকতাৰে উদ্বুদ্ধ হৈ ভাৰতবৰ্ষ প্ৰতিগৰাকী নাগৰিকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ সংকল্পৰে আগবাঢ়...

July 10, 2026 7:03 PM

views 6

প্রধানমন্ত্ৰী মোদীয়ে ৩ খন ৰাষ্ট্ৰ ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত দুদিনীয়া কাৰ্যসূচীৰে আজি নিউজিলেণ্ড ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ তিনিখন ৰাষ্ট্ৰ ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত দুদিনীয়া কাৰ্যসূচীৰে আজি নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ কৰিব। এই ভ্ৰমণকালত তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী খ্ৰীষ্ট’ফাৰ লাকছনৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকত দুয়োগৰাকী নেতাই বিশেষকৈ শেহতীয়া দুবছৰত বাণিজ্য আৰু প্ৰতিৰক্ষা খণ...

July 10, 2026 7:13 PM

views 5

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী আল্বানিজৰ সৈতে মেলবর্ণ ক্রিকেট গ্রাউণ্ড পৰিদৰ্শন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী আল্বানিজৰ সৈতে আজি মেলবর্ণ ক্রিকেট গ্রাউণ্ড পৰিদৰ্শন কৰে। এই ভ্রমণে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্কত ক্রীড়া কূটনীতিৰ বৰ্ধিত ভূমিকাকে সূচায়। পৰিদৰ্শন কালত প্রধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত ক্রিকেট-ভিত্তিক সহযোগিত, ক্রীড়া আন্তঃগাঁ...

July 10, 2026 11:04 AM

views 10

জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পই ২৭ হাজাৰ কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব : মন্ত্রী বিমল বৰা

জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্পই ২৭ হাজাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ কর্ম সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বৰাই প্ৰকাশ কৰিছে। বিধানসভাত কালি বিধায়ক অখিল গগৈৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয়, যে থলুৱা অসমীয়া দক্ষতাস...

July 10, 2026 10:49 AM

views 13

বিধানসভাত ২০২৬-২৭ বিত্তীয় বর্ষৰ পূর্ণাংগ বাজেট দাখিল

বিও মন্ত্রী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২৭ বিত্তীয় বর্ষৰ পূর্ণাংগ বাজেট দাখিল কৰিব। বাজেটত ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কার্যকালৰ পাঁচ বছৰীয়া কৰ্মসূচীৰ ৰূপৰেখা প্রতিফলিত হ'ব বুলি শাসকীয় পক্ষই প্ৰকাশ কৰিছে। ইতিমধ্যে প্রাক্-বাজেট আলোচনাত বিজেপিৰ সংকল্পপত্ৰক আধাৰ হিচাপে লৈ বাজেটখন প্ৰস্তুত ...

July 10, 2026 10:40 AM

views 11

চতুর্থখন টি-২০ত ভাৰত ইংলেণ্ডৰ হাতত ৯ উইকেটত পৰাজিত

ভাৰত আৰু ইংলেণ্ডৰ মাজত ব্রিস্টলত অনুষ্ঠিত চতুর্থখন টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত ভাৰত ইংলেণ্ডৰ হাতত ৯ উইকেটত পৰাজিত হয়। এই জয়ৰ সুবাদত আয়োজক দেশ ইংলেন্ডে পাঁচখনীয়া শৃংখলাটোত ৩-০ ফলাফলেৰে অপ্ৰতিৰোধ্য অগ্রগতি লাভ কৰিছে। টছত জয়ী হৈ প্রথমে বেটিং কৰি ভাৰতে ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৫৮ ৰান সংগ্ৰহ কৰ...

July 10, 2026 10:37 AM

views 14

মৰক্কোক পৰাস্ত কৰি বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ছেমি ফাইনেলত ফ্রান্স

ফ্রান্সে বিশ্বকাপ ফুটবল প্রতিযোগিতাত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনত অনুষ্ঠিত প্রতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক ২-০ গ'লত পৰাস্ত কৰে। খেলখনৰ প্ৰথমার্ধ গ'ল শূন্যভাৱে সমাপ্ত হোৱাৰ পাছত কিলিয়ন বাপ্পেই ৬০ মিনিটত আৰু উছমান ডেম্বেলেই ৬৬ মিনিটত গ'ল দি ফ্ৰান্স...

July 10, 2026 10:32 AM

views 9

E85 ইন্ধন প্ৰৱৰ্তন কৰা সন্দৰ্ভত পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্রী হৰদীপ সিং পুৰীৰ প্ৰকাশ

চৰকাৰে E85 ইন্ধন প্ৰবৰ্তন কৰাৰ পৰিকল্পনা কৰা বুলি আৰু ইয়াৰ মূল্য E-20 পেট্রলৰ তুলনাত প্রতি লিটাৰত ২০ টকা কম হ'ব বুলি কেন্দ্রীয় পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্রী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। তেওঁ কয়, যে E85 ইন্ধন অকল এই ইন্ধন ব্যৱহাৰৰ উপযোগীকে নিৰ্মাণ কৰা বাহনৰ বাবেহে উপলব্ধ হ'ব। মন্ত্ৰীগৰাকীয়ে ...

July 10, 2026 10:28 AM

views 15

কুৱেইট ভ্রমণ সামৰি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰ ওমানত উপস্থিত

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে কুৱেইট ভ্রমণ সামৰি ওমানত উপস্থিত হৈছে। ওমানৰ বিদেশ মন্ত্ৰ্যালয়ৰ সঞ্চালক প্রধান শ্বেইখ আহমেদ অল মছকাৰীয়ে তেওঁক বিমান বন্দৰত আদৰণি জনায়। ড° জয়শংকৰ ওমান ভ্রমণ সামৰি নিউয়র্কলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ২০২৮-২৯ কাৰ্যক...