প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ তিনিখন ৰাষ্ট্ৰ ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত দুদিনীয়া কাৰ্যসূচীৰে আজি নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ কৰিব। এই ভ্ৰমণকালত তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী খ্ৰীষ্ট’ফাৰ লাকছনৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব।
এই বৈঠকত দুয়োগৰাকী নেতাই বিশেষকৈ শেহতীয়া দুবছৰত বাণিজ্য আৰু প্ৰতিৰক্ষা খণ্ডত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কই লাভ কৰা অগ্ৰগতিৰ সামগ্রিক বিষয়টো পৰ্যালোচনা কৰিব। উল্লেখযোগ্য যে এয়া হ’ব বিগত দুকুৰি বছৰৰ ভিতৰত ভাৰতৰ কোনো এগৰাকী প্ৰধানমন্ত্ৰীৰ প্ৰথমটো নিউজিলেণ্ড ভ্রমণ। এই ভ্রমণকালত শ্ৰী মোদীয়ে দেশখনৰ বাণিজ্য আৰু ক্ৰীড়া খণ্ডৰ আগশাৰীৰ ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে ভাৰতীয় মূলোদ্ভৱ লোকৰ এখন বৃহৎ সমাৱেশতো ভাষণ দিব।
ইয়াৰ পূৰ্বে আজি পুৱাৰ ভাগত সামৰণি পৰা প্ৰধানমন্ত্ৰী মোদীৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ছোৱাত দেশখনৰ প্রধানমন্ত্রী এন্থনী এলবানিজকে ধৰি একাধিক নেতৃস্থানীয় ব্যক্তিৰ সৈতে ভিন ভিন বিষয়ক লৈ আলোচনা অনুষ্ঠিত হয়৷ এনে আলোচনাত ভাৰতলৈ অষ্ট্ৰেলিয়াৰ ইউৰেনিয়ামৰ অবিৰত যোগান, সমুদ্ৰ পথৰ সুৰক্ষা আৰু ক্ৰীড়াক্ষেত্ৰৰ সহযোগিতাকে ধৰি ভালেমান বিষয়ে স্থান লাভ কৰে।