বিও মন্ত্রী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২৭ বিত্তীয় বর্ষৰ পূর্ণাংগ বাজেট দাখিল কৰিব। বাজেটত ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কার্যকালৰ পাঁচ বছৰীয়া কৰ্মসূচীৰ ৰূপৰেখা প্রতিফলিত হ’ব বুলি শাসকীয় পক্ষই প্ৰকাশ কৰিছে। ইতিমধ্যে প্রাক্-বাজেট আলোচনাত বিজেপিৰ সংকল্পপত্ৰক আধাৰ হিচাপে লৈ বাজেটখন প্ৰস্তুত কৰা হৈছে বুলি বিত্ত মন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শৰ্মাৰ অটল, অবিচল, অগ্রগামী অসমৰ লক্ষ্যৰে এইবাৰৰ বাজেটত প্ৰস্তুত কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। বাজেটত উন্নয়নমূলক ব্যয় বৃদ্ধি, আন্তঃগাঁথনি সবলীকৰণ আৰু সামাজিক সুৰক্ষা আঁচনিক অগ্রাধিকাৰ দিয়া হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। এইবাৰৰ বাজেটত কৃষি, শিক্ষা, স্বাস্থ্য, মহিলা সবলীকৰণ, উদ্যোগ, পর্যটন, বান আৰু খহনীয়া নিয়ন্ত্রণ, নগৰ উন্নয়ন আদি কেইবাটাও খণ্ডত পুঁজি বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। আজি দাখিল কৰিবলগীয়া বাজেটখন অহা ২৩ জুলাইত সদনত গৃহীত হ’ব। ইপিনে, ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কালি চতুর্থ দিনা ছখন গুৰুত্বপূর্ণ বিধেয়ক উত্থাপন কৰা হয়। অসম অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া প্রতিষ্ঠান বিধেয়ক-২০২৬, অসম ব্যবসায়িক সুচলকৰণ সংশোধনী বিধেয়ক-২০২৬, অসম পর্যটন উন্নয়ন আৰু পঞ্জীয়ন সংশোধনী বিধেয়ক-২০২৬ উত্থাপন কৰা হয়। ইয়াৰ লগতে অসম জন-বিশ্বাস বিধেয়ক-২০২৬ আৰু অসম দোকান-প্রতিষ্ঠান সংশোধনী বিধেয়ক-২০২৬ উত্থাপন কৰা হয়। ৰাজ্য চৰকাৰে কালি ছেটেলাইট নগৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক ২০২৬ও বিধানসভাত উত্থাপন কৰে।
Assamese | July 10, 2026 10:49 AM | Budget Submit 2026
বিধানসভাত ২০২৬-২৭ বিত্তীয় বর্ষৰ পূর্ণাংগ বাজেট দাখিল