ভাৰত আৰু ইংলেণ্ডৰ মাজত ব্রিস্টলত অনুষ্ঠিত চতুর্থখন টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত ভাৰত ইংলেণ্ডৰ হাতত ৯ উইকেটত পৰাজিত হয়। এই জয়ৰ সুবাদত আয়োজক দেশ ইংলেন্ডে পাঁচখনীয়া শৃংখলাটোত ৩-০ ফলাফলেৰে অপ্ৰতিৰোধ্য অগ্রগতি লাভ কৰিছে।
টছত জয়ী হৈ প্রথমে বেটিং কৰি ভাৰতে ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৫৮ ৰান সংগ্ৰহ কৰে। অধিনায়ক শ্রেয়াছ আয়াৰে ৪৯টা বলত অপৰাজিত হৈ থাকি ৮০ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ হৈ জ’ফ্ৰা আৰ্চাৰ আৰু জ’ছ টংগুরে দুটাকৈ উইকেট দখল কৰে। প্রত্যুত্তৰত ইংলেণ্ডে মাত্ৰ এটা উইকেট হেৰুৱাই ১৩.৫ অভাৰত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। অধিনায়ক হেৰী ব্রুকে ৩৫টা বলত অপৰাজিত হৈ থাকি ৭৯ ৰান আৰু ফিল ছল্টে ৪২টা বলত অপৰাজিত ৫৯ ৰান সংগ্ৰহ কৰি দলটোক সহজ জয় প্রদান কৰে।
শৃংখলাটোৰ পঞ্চম তথা অন্তিম খেলখন শনিবাৰে ছাউথএম্পটনত অনুষ্ঠিত হ’ব।
ইয়াৰ পূৰ্বে মানচেষ্টাৰত অনুষ্ঠিত শৃংখলাৰ দ্বিতীয় খন খেলত ইংলেন্ডে ৪ উইকেটত জয়লাভকৰিছিল আৰু তৃতীয়খন খেলত ১২৫ ৰানত জয়ী হৈছিল। আনহাতে, শৃংখলাৰ প্ৰথমখন খেল বৰষুণৰ বাবে বাতিল হৈছিল।