November 1, 2026 8:22 PM

views 7

টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতৰ বিৰুদ্ধে ঘৰুৱা দল নিউজিলেণ্ডৰ জয়লাভ

হেমিল্টনত অনুষ্ঠিত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত আজি ভাৰতৰ বিৰুদ্ধে ঘৰুৱা দল নিউজিলেণ্ডে ৭ উইকেটৰ বিনিময়ত জয়লাভ কৰে। ভাৰতে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৯১ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ঈশাণ কিষাণে সর্বাধিক ৬১ ৰান আৰু অধিনায়ক শ্রেয়াছ আয়াৰে ৫০ ৰানৰ বৰঙণি আগবঢ়ায়। প্রত্যুত্তৰত নিউজিলেণ্ডে ১৮ অভাৰত ৩ উইকেটৰ বিনিময়ত ১৯৫ ৰান কৰি বিজয় সাব্যস্ত কৰে। এই শৃংখলাৰ অন্তিম দুখন খেলত নিউজিলেণ্ডে ধাৰাবাহিকভাৱে পৰাস্ত কৰিলেও প্রথম তিনিখন...

October 19, 2026 12:23 PM

views 21

মহিলা ক্রিকেটৰ দ্বিতীয়খন খেলত জিম্বাব’ৱেৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ

ভাৰত আৰু জিম্বাব'ৱেৰ মহিলা ক্রিকেট দলৰ মাজত অনুষ্ঠিত টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ দ্বিতীয়খন খেলত যোৱা নিশা ভাৰতে জিম্বাব'ৱেক ৯ উইকেটত পৰাস্ত কৰে। ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে ১০৩ বানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৮ অভাৰ ৫টা বলতে এটা উইকেটৰ বিনিময়ত নির্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ চেফালী বার্মাই ৫৫ আৰু স্মৃতি মান্ধানাই ৪৭ ৰান কৰে। ইয়াৰ পূৰ্বে জিম্বাব'ৱেই প্রথমে বেট ধৰাৰ সিদ্ধান্ত লয় নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১০২ ৰান সংগ্ৰহ কৰে।...

October 9, 2026 11:33 AM

views 23

ভাৰত আৰু বেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ আজি দ্বিতীয়খন খেল

ভাৰত আৰু বেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি ৰাঁচীত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া সাত বজাত আৰম্ভ হ'ব। ভাৰতে অধিনায়ক শ্রেয়াছ আয়াৰৰ আকৰ্ষণীয় শতকৰ সহায়ত প্ৰথমখন খেলত জয়লাভ কৰি শৃংখলাত ১-০ ফলাফলত আগবাঢ়ি আছে।

July 10, 2026 10:40 AM

views 38

চতুর্থখন টি-২০ত ভাৰত ইংলেণ্ডৰ হাতত ৯ উইকেটত পৰাজিত

ভাৰত আৰু ইংলেণ্ডৰ মাজত ব্রিস্টলত অনুষ্ঠিত চতুর্থখন টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত ভাৰত ইংলেণ্ডৰ হাতত ৯ উইকেটত পৰাজিত হয়। এই জয়ৰ সুবাদত আয়োজক দেশ ইংলেন্ডে পাঁচখনীয়া শৃংখলাটোত ৩-০ ফলাফলেৰে অপ্ৰতিৰোধ্য অগ্রগতি লাভ কৰিছে। টছত জয়ী হৈ প্রথমে বেটিং কৰি ভাৰতে ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৫৮ ৰান সংগ্ৰহ কৰে। অধিনায়ক শ্রেয়াছ আয়াৰে ৪৯টা বলত অপৰাজিত হৈ থাকি ৮০ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ হৈ জ'ফ্ৰা আৰ্চাৰ আৰু জ'ছ টংগুরে দুটাকৈ উইকেট দখল কৰে। প্রত্যুত্তৰত ইংলেণ্ডে মাত্ৰ এটা উইকেট হেৰুৱাই ১৩.৫ অভাৰত নিৰ্ধাৰিত ল...

July 9, 2026 12:08 PM

views 25

ভাৰত-ইংলেণ্ডৰ পাঁচখনীয়া টি-২০ ক্ৰিকেট শৃংখলাৰ আজি চতুৰ্থখন খেল

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউন্টি গ্রাউণ্ডত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ১০ বজাত আৰম্ভ হ'ব। শৃংখলাটোত সম্প্রতি ২-০ত পিছপৰি থকা ভাৰতে বাবে আজিৰ খেলখনত জয়ৰ বাবে আপ্রাণ চেষ্টা চলাব। ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলত ১২৫ ৰানত পৰাজিত হোৱাৰ পাছত অধিনায়ক শ্রেয়াছ আয়াৰ আৰু মুখ্য প্রশিক্ষক গৌতম গম্ভীৰ যথেষ্ট চাপত আছে।

July 2, 2026 12:44 PM

views 38

বৰষুণৰ বাবে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ প্ৰথমখন মেচ অমীমাংসিত

 টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত কালি চেষ্টাৰ-লে-ষ্ট্ৰীটত বৰষুণৰ বাবে ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন মেচ অমীমাংসিত হৈ ৰয়। প্রথমে বেটিং কৰাৰ সিদ্ধান্ত লৈ মেচখনত ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত ১৮৯ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ অধিনায়ক শ্রেয়াছ আয়াৰে ৪৭টা বলত সৰ্বাধিক ৬৮ ৰান সংগ্ৰহ কৰে। অ'পেনিং বেটছমেন অভিষেক শৰ্মাই ৫৯ ৰান আৰু শিৱম ডুবেই ৪২ ৰান কৰি আউট নোহোৱাকৈ থাকে। ইংলেণ্ডৰ হৈ ছাকিব মাহমুদে ৩টা উইকেট দখল কৰে। অৱশ্যে আয়োজক ইংলেণ্ডে প্রতিকুল বতৰৰ বাবে দ্বিতীয় ইনিংছত বেটিং ক...

June 27, 2026 12:10 PM

views 31

টি-২০ আন্তঃৰাষ্ট্রীয় ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন খেলত ভাৰতৰ বিৰুদ্ধে আয়াৰলেণ্ডৰ জয়লাভ

ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত বেলফাষ্টত অনুষ্ঠিত দুখনীয়া টি-২০ আন্তঃৰাষ্ট্রীয় ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন খেলত যোৱা নিশা আয়াৰলেণ্ডে ভাৰতক ৩৪ ৰানত পৰাস্ত কৰে। ক্রিকেটৰ যিকোনো ফর্মেটত ভাৰতৰ বিৰুদ্ধে এয়া হৈছে আয়াৰালেণ্ডৰ প্ৰথমটো জয়। ভাৰতে ১৬৩ বানৰ বিজয়লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ ৫টা বলতে আটাইকেইটা উইকেট হেৰুৱাই ১৪৮ ৰানহে কৰিবলৈ সমর্থ হয়। দলৰ হৈ অভিষেক শৰ্মাই ৫০ আৰু শিবম ডুবেই ২৫ ৰান কৰাৰ বিপৰীতে আন খেলুৱৈসকলৰ প্ৰদৰ্শন আশাব্যঞ্জক নাছিল। আয়াৰলেণ্ডৰ হৈ মেথিউ হ'লার্ড আৰু মেথিউ হামফ্রেইজে তিনিটাকৈ উইকেট ...

January 22, 2026 11:24 AM

views 118

পাঁচখনীয়া T20 ক্রিকেট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে নিউজিলেণ্ডক ৪৮ ৰানত পৰাস্ত

নাগপুৰৰ বিদর্ভা ক্রিকেট এছ'চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত পাঁচখনীয়া T20 ক্রিকেট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে নিউজিলেণ্ডক ৪৮ ৰানত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে নিউজিলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া শৃংখলাত ভাৰতে ১-০ত অগ্রগতি লাভ কৰে। খেলখনত নিউজিলেণ্ডে নির্ধাৰিত বিশ অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৯০ ৰান সংগ্ৰহ কৰে। ভাৰতে বিপক্ষ দলটোক ২৩৯ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। আলহী দলটোৰ হৈ গ্লেন ফিলিপছে ৪০টা বলত ৭৮ ৰান সংগ্ৰহ কৰি সৰ্বাধিক স্ক'ৰ কৰে৷ আয়োজক দলৰ হৈ বৰুণ চক্ৰৱৰ্তী আৰু শিৱম ডুবেই এটাকৈ উইকেট দখল কৰাৰ বিপ...

December 15, 2025 12:21 PM

views 97

টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলত ভাৰতৰ হাতত দক্ষিণ আফ্ৰিকা পৰাস্ত

ধৰ্মশালাত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলত যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক ৭ উইকেটত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰণ কৰি দিয়া ১১৮ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে ১৫ অভাৰ ৫টা বলতে তিনিটা উইকেটৰ বিনিময়ত ১২০ ৰান কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ অভিষেক শৰ্মাই সৰ্বাধিক ৩৫ ৰান কৰে। তিলক বার্মা ২৬ ৰান কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১১৭ ৰাণ সংগ্ৰহ কৰ...

December 12, 2025 11:46 AM

views 58

টি-২০ ক্রিকেট শৃংখলাৰ চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন খেলত দক্ষিণ আফ্রিকাৰ হাতত ভাৰত ৫১ ৰানত পৰাজিত

ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ যোৱানিশা চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন খেলত দক্ষিণ আফ্রিকাই ভাৰতক ৫১ ৰানত পৰাজিত কৰে। ২১৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে নিৰ্ধাৰিত অভাৰ শেষ হ'বলৈ ৫টা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ১৬২ ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে আলহী দলটোৱে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৪ উইকেটৰ বিনিময়ত ২১৩ ৰান সংগ্ৰহ কৰে। দক্ষিণ আফ্রিকাৰ কুইন্টন ডি ককে সর্বাধিক ৯০ ৰান কৰে। ভাৰতীয় দলৰ হৈ তিলক বার্মাই ৬২ ৰানৰ বৰঙণি আগবঢ়ায়। দক্ষিণ আফ...