October 19, 2026 12:23 PM | T-20 cricket

printer

মহিলা ক্রিকেটৰ দ্বিতীয়খন খেলত জিম্বাব’ৱেৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ

ভাৰত আৰু জিম্বাব’ৱেৰ মহিলা ক্রিকেট দলৰ মাজত অনুষ্ঠিত টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ দ্বিতীয়খন খেলত যোৱা নিশা ভাৰতে জিম্বাব’ৱেক ৯ উইকেটত পৰাস্ত কৰে। ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে ১০৩ বানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৮ অভাৰ ৫টা বলতে এটা উইকেটৰ বিনিময়ত নির্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ চেফালী বার্মাই ৫৫ আৰু স্মৃতি মান্ধানাই ৪৭ ৰান কৰে। ইয়াৰ পূৰ্বে জিম্বাব’ৱেই প্রথমে বেট ধৰাৰ সিদ্ধান্ত লয় নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১০২ ৰান সংগ্ৰহ কৰে। দলৰ হৈ চিপো মুগেৰী টিৰিপানোই সর্বাধিক ৩৪ ৰান কৰে। ভাৰতৰ নিকি প্রসাদে দুটা উইকেট কৰে। এই জয়ৰ সুবাদত ভাৰতে তিনিখনীয়া শৃংখলাটোত ২-০ত অগ্রগতি লাভ কৰিছে।

চত্তিশগড়ৰ মুখ্যমন্ত্রী বিষ্ণু দেও ছাইৰ পৰামৰ্শ মর্মে বিশেষ উদ্যমৰ অংশ হিচাপে মহিলাৰ বাবে শৃংখলাৰ তিনিওখন খেলৰ টিকট বিনামূলীয়া কৰা হৈছে। শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল কাইলৈ একেখন ষ্টেডিয়ামতে অনুষ্ঠিত হ’ব।