July 2, 2026 12:44 PM | T-20 cricket

printer

বৰষুণৰ বাবে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ প্ৰথমখন মেচ অমীমাংসিত

 টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত কালি চেষ্টাৰ-লে-ষ্ট্ৰীটত বৰষুণৰ বাবে ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন মেচ অমীমাংসিত হৈ ৰয়। প্রথমে বেটিং কৰাৰ সিদ্ধান্ত লৈ মেচখনত ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত ১৮৯ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ অধিনায়ক শ্রেয়াছ আয়াৰে ৪৭টা বলত সৰ্বাধিক ৬৮ ৰান সংগ্ৰহ কৰে। অ’পেনিং বেটছমেন অভিষেক শৰ্মাই ৫৯ ৰান আৰু শিৱম ডুবেই ৪২ ৰান কৰি আউট নোহোৱাকৈ থাকে। ইংলেণ্ডৰ হৈ ছাকিব মাহমুদে ৩টা উইকেট দখল কৰে। অৱশ্যে আয়োজক ইংলেণ্ডে প্রতিকুল বতৰৰ বাবে দ্বিতীয় ইনিংছত বেটিং কৰাৰ সুযোগ লাভ নকৰিলে। ইয়াৰ পাছত দুয়োটা দলে শনিবাৰে মানচেষ্টাৰত হ’বলগীয়া পাঁচখনীয়া শৃংখলাৰ দ্বিতীয়খন টি-২০ত মেচত মুখামুখি হ’ব। শৃংখলাৰ তৃতীয়খন মেচ ৭ জুলাইত নটিংহামত অনুষ্ঠিত হ’ব। অহা ১১ জুলাইত সমাপ্ত হ’বলগীয়া অন্তিম দুখন মেচ ব্ৰিষ্টল আৰু চাউথমপটনত অনুষ্ঠিত হ’ব।