ধৰ্মশালাত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলত যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক ৭ উইকেটত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰণ কৰি দিয়া ১১৮ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে ১৫ অভাৰ ৫টা বলতে তিনিটা উইকেটৰ বিনিময়ত ১২০ ৰান কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ অভিষেক শৰ্মাই সৰ্বাধিক ৩৫ ৰান কৰে। তিলক বার্মা ২৬ ৰান কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১১৭ ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ এইডেন মাৰ্কৰামে সৰ্বাধিক ৬১ ৰাণ কৰে। অশ্বদীপ সিং, হৰ্ষিত ৰাণা, বৰুণ চক্ৰবৰ্তী আৰু কুলদীপ যাদৱে দুটাকৈ উইকেট দখল কৰে। এই জয়ৰ সুবাদত ভাৰতে সম্প্ৰতি শৃংখলাটোত ২-১ৰ অগ্ৰগতি লাভ কৰিছে।
টি-২০ শৃংখলাৰ চতুৰ্থখন খেল পৰহিলৈ লক্ষ্ণৌত আৰু পঞ্চম তথা অন্তিমখন খেল অহা শুকুৰবাবে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।
Assamese | December 15, 2025 12:21 PM | T-20 cricket
টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলত ভাৰতৰ হাতত দক্ষিণ আফ্ৰিকা পৰাস্ত