June 27, 2026 12:10 PM | T-20 cricket

printer

টি-২০ আন্তঃৰাষ্ট্রীয় ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন খেলত ভাৰতৰ বিৰুদ্ধে আয়াৰলেণ্ডৰ জয়লাভ

ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত বেলফাষ্টত অনুষ্ঠিত দুখনীয়া টি-২০ আন্তঃৰাষ্ট্রীয় ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন খেলত যোৱা নিশা আয়াৰলেণ্ডে ভাৰতক ৩৪ ৰানত পৰাস্ত কৰে। ক্রিকেটৰ যিকোনো ফর্মেটত ভাৰতৰ বিৰুদ্ধে এয়া হৈছে আয়াৰালেণ্ডৰ প্ৰথমটো জয়। ভাৰতে ১৬৩ বানৰ বিজয়লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ ৫টা বলতে আটাইকেইটা উইকেট হেৰুৱাই ১৪৮ ৰানহে কৰিবলৈ সমর্থ হয়। দলৰ হৈ অভিষেক শৰ্মাই ৫০ আৰু শিবম ডুবেই ২৫ ৰান কৰাৰ বিপৰীতে আন খেলুৱৈসকলৰ প্ৰদৰ্শন আশাব্যঞ্জক নাছিল। আয়াৰলেণ্ডৰ হৈ মেথিউ হ’লার্ড আৰু মেথিউ হামফ্রেইজে তিনিটাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ঘৰুৱা দলটোৱে প্ৰথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেটৰ বিনিময়ত ১৮২ ৰান সংগ্ৰহ কৰে। মেথিউ হ’লাৰ্ডক প্লেয়াৰ অব দা মেচ ঘোষণা কৰা হয়। প্রতিযোগিতাৰ দ্বিতীয় তথা অন্তিমখন খেল কাইলৈ অনুষ্ঠিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।