হেমিল্টনত অনুষ্ঠিত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত আজি ভাৰতৰ বিৰুদ্ধে ঘৰুৱা দল নিউজিলেণ্ডে ৭ উইকেটৰ বিনিময়ত জয়লাভ কৰে। ভাৰতে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৯১ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ঈশাণ কিষাণে সর্বাধিক ৬১ ৰান আৰু অধিনায়ক শ্রেয়াছ আয়াৰে ৫০ ৰানৰ বৰঙণি আগবঢ়ায়। প্রত্যুত্তৰত নিউজিলেণ্ডে ১৮ অভাৰত ৩ উইকেটৰ বিনিময়ত ১৯৫ ৰান কৰি বিজয় সাব্যস্ত কৰে।
এই শৃংখলাৰ অন্তিম দুখন খেলত নিউজিলেণ্ডে ধাৰাবাহিকভাৱে পৰাস্ত কৰিলেও প্রথম তিনিখন খেলত ভাৰতে জয়লাভ কৰি ৩-২ ফলাফলেৰে শৃংখলা দখল কৰিছিল।