December 12, 2025 11:46 AM | T-20 cricket

printer

টি-২০ ক্রিকেট শৃংখলাৰ চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন খেলত দক্ষিণ আফ্রিকাৰ হাতত ভাৰত ৫১ ৰানত পৰাজিত

ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ যোৱানিশা চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন খেলত দক্ষিণ আফ্রিকাই ভাৰতক ৫১ ৰানত পৰাজিত কৰে। ২১৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে নিৰ্ধাৰিত অভাৰ শেষ হ‘বলৈ ৫টা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ১৬২ ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে আলহী দলটোৱে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৪ উইকেটৰ বিনিময়ত ২১৩ ৰান সংগ্ৰহ কৰে। দক্ষিণ আফ্রিকাৰ কুইন্টন ডি ককে সর্বাধিক ৯০ ৰান কৰে। ভাৰতীয় দলৰ হৈ তিলক বার্মাই ৬২ ৰানৰ বৰঙণি আগবঢ়ায়। দক্ষিণ আফ্ৰিকাৰ হৈ আঁটনীল বার্টমেনে ৪টা উইকেট দখল কৰাৰ বিপৰীতে ভাৰতৰ বৰুণ চক্রৱর্তীয়ে দুটা উইকেট লাভ কৰে। কুইন্টন ডি কক-ক প্লেয়াৰ অৱ দ্যা মেছ ঘোষণা কৰা হয়। দুয়োটা দলে শৃংখলাত বর্তমান ১-১৩ সমতা স্থাপন কৰি আছে।