বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে কুৱেইট ভ্রমণ সামৰি ওমানত উপস্থিত হৈছে। ওমানৰ বিদেশ মন্ত্ৰ্যালয়ৰ সঞ্চালক প্রধান শ্বেইখ আহমেদ অল মছকাৰীয়ে তেওঁক বিমান বন্দৰত আদৰণি জনায়।
ড° জয়শংকৰ ওমান ভ্রমণ সামৰি নিউয়র্কলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ২০২৮-২৯ কাৰ্যকালৰ বাবে ভাৰতৰ আনুষ্ঠানিক অভিযানৰ শুভাৰম্ভ কৰিব। ইয়াৰ পাছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকী ১৪ জুলাইত দুদিনীয়া ভ্রমণসূচীৰে ব্ৰুছেলছত উপস্থিত হ’ব। তাত তেওঁ ভাৰত-ইউৰোপীয় সংঘ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ তৃতীয়লানি বৈঠকত অংশগ্ৰহণ কৰিব আৰু ইউৰোপীয় সংঘ তথা বেলজিয়ামৰ বিদেশ মন্ত্ৰীৰ সৈতে মত বিনিময় কৰিব।