নিকা শক্তিৰ জৰিয়তে দ্বিতীয়বাৰৰ বাবে দেশৰ বিদ্যুৎ চাহিদাৰ ৫০ শতাংশৰো অধিক পূৰ্ণ হৈছেঃ প্ৰহ্লাদ যোশী

নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে নিকা শক্তিৰ জৰিয়তে দ্বিতীয়বাৰৰ বাবে দেশৰ বিদ্যুৎ চাহিদাৰ ৫০ শতাংশৰো অধিক পূৰ্ণ হৈছে বুলি প্ৰকাশ কৰিছে।

শ্ৰীযোশীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে যোৱা ৬ জুলাইত নবীকৰণযোগ্য উৎসৰ জৰিয়তে ৫০ দশমিক ২ শতাংশ বিদ্যুৎ যোগান ধৰা হয়।

মন্ত্ৰীগৰাকীয়ে এই সাফল্যক নিকা শক্তি খণ্ডৰ বৰ্ধিত সামর্থ্যৰ প্ৰতীক বুলি অভিহিত কৰে। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশপ্ৰাকৃতিক সম্পদৰ ক্ষতি নকৰাকৈ অৰ্থনৈতিক কাম-কাজ সম্প্ৰসাৰণৰ দিশে দ্রুত আৰু দৃঢ়তাৰে অগ্ৰসৰ হৈছে।