July 13, 2026 5:50 PM

views 3

ভিয়েটনামৰ ফু-ক’ক দ্বীপত সংঘটিত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতীয় পৰ্যটকসকলৰ মৃতদেহ আজি হু চি মিন চিটীৰ পৰা স্বদেশলৈ ওভতাই অনা হ’ব

ভিয়েটনামৰ ফু-ক’ক দ্বীপত সংঘটিত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতীয় পৰ্যটকসকলৰ মৃতদেহ আজি হু চি মিন চিটীৰ পৰা স্বদেশলৈ ওভতাই অনা হ'ব। দুৰ্ঘটনাটোত মৃত্যু হোৱা ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ মৃতদেহ ভিয়েটনাম এয়াৰলাইন্সৰ VN 979 বিমানখনেৰে ভাৰতলৈ অনাৰ ব্যৱস্থা কৰা হৈছে। ভিয়েটনামস্থিত ভাৰতীয় দূতাবাসে সামাজি...

July 13, 2026 5:47 PM

views 4

বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈ ইটালীৰ য়ানিক ছিনাৰে উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ জয়

বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈ ইটালীৰ য়ানিক ছিনাৰে উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ জয় কৰিছে। অল ইংলেণ্ড ক্লাবত যোৱা নিশা অনুষ্ঠিত ফাইনেলত ছিনাৰে জাৰ্মানীৰ আলেকজেণ্ডাৰ জেৱেভক ৬-৭, ৭-৬, ৬-৩, ৬-৪ ছেটত পৰাস্ত কৰে। এয়া হৈছে ছিনাৰৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষ...

July 13, 2026 5:44 PM

views 55

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত বুধবাৰে হ’বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্রান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত অহা বুধবাৰে হ’বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্রান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ১২.৩০ বজাত আৰম্ভ হ'ব। প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত অহা বৃহস্পতিবাৰে আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ১২.৩০ বজাত...

July 13, 2026 5:41 PM

views 7

নিউজিলেণ্ডৰ অভিনেতা ছেম নীলৰ আজি ৭৮ বছৰ বয়সত দেহাৱসান

জুৰাছিক পাৰ্ক আৰু দা পিয়ানোৰ লেখীয়া ছবিত কৰা অভিনয়ৰ জৰিয়তে খ্যাতি অৰ্জন কৰা নিউজিলেণ্ডৰ অভিনেতা ছেম নীলৰ আজি ৭৮ বছৰ বয়সত দেহাৱসান ঘটে। আকস্মিকভাৱে অনাকাংক্ষিত ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈ অভিনেতাগৰাৰীয়ে আজি ছিডনীত শেষ নিশ্বাস ত্যাগ কৰে বুলি তেওঁৰ পৰিয়ালৰ লোকে জানিবলৈ দিছে। উল্লেখযোগ...

July 13, 2026 1:32 PM

views 8

অসম বিধানসভাৰ অধিবেশনৰ আজি ষষ্ঠ দিনা হাতী-মানুহৰ সংঘাতক লৈ আলোচনা

অসম বিধানসভাৰ ষোড়শ অধিবেশনৰ আজি ষষ্ঠ দিনা হাতী-মানুহৰ সংঘাতক লৈ আলোচনা অনুষ্ঠিত হৈছে। বিধায়ক পদ্ম হাজৰিকাই ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু হাতী-মানুহৰ সংঘাতক লৈ উত্থাপন কৰা বিষয়টো সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্রী জয়ন্ত মল্লবৰুৱাই সদনক তথ্য দিয়ে। বিধায়ক হাজৰিকাই কয়, যে হাতী-মানুহৰ সংঘাতৰ ফল...

July 13, 2026 1:30 PM

views 10

শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে আজিৰেপৰা দুমাহৰ বাবে বন্ধ

শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে আজিৰেপৰা দুমাহৰ বাবে বন্ধ ৰখা হৈছে। মেৰামতিৰ বাবে পুৰণি দলংখন বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত নতুন দলঙেৰে যাতায়াত ব্যবস্থা চলিব বুলি প্রকাশ কৰা হৈছে। বে'ল বিভাগে দলংখন মেৰামতিৰ দায়িত্ব লৈছে। উল্লেখযোগ্য যে দলংখন ১৫ ছেপ্তেম্বৰলৈ বন্ধ থাকিব বুলি কিছুদিন পূর্বে কামৰূপ মহানগৰ জি...

July 13, 2026 1:27 PM

views 14

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্রেক আদালতত আজি পুনৰ আৰম্ভ হৈছে। আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে আদালতে জাৰি কৰা চমনৰ ভিত্তিত আদালতত উপস্থিত হোৱা জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু বন্ধু জয়ন্ত কাকতিৰ সাক্ষ্য প্ৰদানৰ প্রক্রিয়া ফাষ্ট ট্রেক আদা...

July 13, 2026 1:24 PM

views 8

যোৰাবাটত কৃত্রিম বানৰ পাছত অঞ্চলটোত তীব্র যান-জটৰ সৃষ্টি

যোৰাবাটৰ ন-মাইল আৰু দহ-মাইলত ধাৰাসাৰ বৰষুণৰ ফলত কালি হোৱা কৃত্রিম বানৰ পাছত আজি অঞ্চলটোত তীব্র যান-জটৰ সৃষ্টি হৈছে। বান পৰিস্থিতি কালিতকৈ উন্নত হৈছে যদিও দূৰণিলৈ যাবলগীয়া যান-বাহনসমূহ বোকাময় পথত কেইবাঘণ্টা ধৰি আৱদ্ধ হৈ আছে। বানৰ পাছত যোৰাবাটৰ পৰা খানাপাৰালৈকে অঞ্চলটো বোকাৰে ভৰি পৰিছে। উল্লেখযোগ্য যে...

July 13, 2026 12:58 PM

views 14

আমিনগাঁত নির্মিত ছুইমিং পুল খেলুৱৈসকলৰ ব্যৱহাৰৰ বাবে সাজু

আমিনগাঁও ক্রীড়া পৰিসৰত নৱনির্মিত বেডমিন্টনৰ ৰাষ্ট্ৰীয় উৎকর্ষ কেন্দ্ৰ আৰু বিশ্বমানৰ প্ৰশিক্ষণৰ বাবে নির্মিত ছুইমিং পুল খেলুৱৈসকলৰ ব্যৱহাৰৰ বাবে সাজু হৈ উঠিছে। ২০ হাজাৰখন আসনযুক্ত ক্রিকেট ষ্টেডিয়ামখন নির্মাণৰ কাম অহা বছৰৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই...

July 13, 2026 12:47 PM

views 19

মণিপুৰত প্ৰথম বিষ্ণুপুৰ জিলা অলিম্পিক গেমছৰ সামৰণি

মণিপুৰত বিষ্ণুপুৰ জিলা প্ৰশাসন আৰু বিষ্ণুপুৰ জিলা অলিম্পিক সন্থাৰ উদ্যোগত আয়োজিত প্ৰথম বিষ্ণুপুৰ জিলা অলিম্পিক গেমছৰ কালি সামৰণি পৰে। বিষ্ণুপুৰ জিলাৰ মইৰাঙৰ চেংগেই লম্পকত অনুষ্ঠিত সামৰণি অনুষ্ঠানত মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভল্লা, মুখ্যমন্ত্রী খেমচান্দ সিং, যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রী গোবিন্দাস ...