যোৰাবাটৰ ন-মাইল আৰু দহ-মাইলত ধাৰাসাৰ বৰষুণৰ ফলত কালি হোৱা কৃত্রিম বানৰ পাছত আজি অঞ্চলটোত তীব্র যান-জটৰ সৃষ্টি হৈছে। বান পৰিস্থিতি কালিতকৈ উন্নত হৈছে যদিও দূৰণিলৈ যাবলগীয়া যান-বাহনসমূহ বোকাময় পথত কেইবাঘণ্টা ধৰি আৱদ্ধ হৈ আছে। বানৰ পাছত যোৰাবাটৰ পৰা খানাপাৰালৈকে অঞ্চলটো বোকাৰে ভৰি পৰিছে। উল্লেখযোগ্য যে কৃত্রিম বানৰ ফলত কালি উজনি উত্তৰ আৰু মধ্য অসমলৈ যাবলগীয়া বহু যাত্রীয়ে কালি যাত্রা বাতিল কৰিবলগীয়া হয়। আৰক্ষীয়ে যোৰাবাটেৰে আহিবলগীয়া যান বাহনৰ দিশো সলনি কৰে।
গুৱাহাটী অভিমুখে অহা যান-বাহনসমূহ ডিগাৰু হৈ গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা নগাঁও তথা উজনিৰ দিশে যাবলগীয়া যান-বাহনসমূহ কইনাধৰাৰ পৰা নাৰেঙ্গী হৈ যাবলৈ নির্দেশ দিয়া হয়।
ইফালে বৰষুণৰ ফলত গুৱাহাটীৰ জালুকবাৰী, ছয়মাইল, বেলতলা, পাণ্ডু খানাপাৰা, সাতগীৱকে ধৰি ভালেমান অঞ্চলত কৃত্রিম বানৰ সৃষ্টি হোৱাৰ ফলত স্বাভাৱিক জীৱনযাত্রা ব্যাহত হৈছে।