আমিনগাঁও ক্রীড়া পৰিসৰত নৱনির্মিত বেডমিন্টনৰ ৰাষ্ট্ৰীয় উৎকর্ষ কেন্দ্ৰ আৰু বিশ্বমানৰ প্ৰশিক্ষণৰ বাবে নির্মিত ছুইমিং পুল খেলুৱৈসকলৰ ব্যৱহাৰৰ বাবে সাজু হৈ উঠিছে। ২০ হাজাৰখন আসনযুক্ত ক্রিকেট ষ্টেডিয়ামখন নির্মাণৰ কাম অহা বছৰৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি আমিনগাঁও ক্রীড়া পৰিসৰত নির্মীয়মান আন্তঃগাঁথনি প্ৰকল্পৰ কাম-কাজৰ বুজ লৈ এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে ১০০ খন বিচনাযুক্ত হোষ্টেলৰ লগতে ক্রিকেট খেলুৱৈ আৰু প্রশিক্ষকসকলৰ বাবে আন এটা আধুনিক হোষ্টেল নির্মাণৰ কামো দ্রুত গতিত আগবাঢ়িছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কষ, যে ছুইমিং পুলটোত ৪০ গৰাকী প্রশিক্ষার্থীয়ে প্রশিক্ষণ গ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰিব পৰা যাব। বেডমিন্টন কেন্দ্রটো বিশ্বমানৰ কৰি গঢ়ি তোলা হৈছে বুলিও তেওঁ কয়। ক্রিকেট ষ্টেডিয়ামৰ সমীপতে থকা ৰে’ল বিভাগৰ ভূমি ৰাজ্য চৰকাৰে লীজত লোৱাৰ পৰিকল্পনা কৰিছে বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। এই ভূমিত বহুমহলীয়া গাড়ী পার্কিং ব্যবস্থা নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে।
আমিনগাঁৱৰ নতুন ক্রীড়া আন্তঃগাঁথনি সম্পূর্ণ হৈ উঠিলে সৰুসজাইস্থিত অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পৰ লগতে এই নতুন প্রকল্পতো ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্রীড়া অনুষ্ঠিত কৰাৰ সুবিধা হ’ব বুলি তেওঁ কয়। আমিনগাঁওস্থিত কামৰূপ জিলা আয়ুক্ত কার্যালয়কে ধৰি এই ক্রীড়া আন্তঃগাঁথনিৰ সমীপৰে এখন ছটা লেনযুক্ত পথ নিৰ্মাণ কৰা হ’ব আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এই পথটোৰে আই আই টিলৈ যাত্রা সূচল হ’ব বুলি তেওঁ মন্তব্য কৰে।