July 13, 2026 12:58 PM

views 14

আমিনগাঁত নির্মিত ছুইমিং পুল খেলুৱৈসকলৰ ব্যৱহাৰৰ বাবে সাজু

আমিনগাঁও ক্রীড়া পৰিসৰত নৱনির্মিত বেডমিন্টনৰ ৰাষ্ট্ৰীয় উৎকর্ষ কেন্দ্ৰ আৰু বিশ্বমানৰ প্ৰশিক্ষণৰ বাবে নির্মিত ছুইমিং পুল খেলুৱৈসকলৰ ব্যৱহাৰৰ বাবে সাজু হৈ উঠিছে। ২০ হাজাৰখন আসনযুক্ত ক্রিকেট ষ্টেডিয়ামখন নির্মাণৰ কাম অহা বছৰৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি আমিনগাঁও ক্রীড়া পৰিসৰত নির্মীয়মান আন্তঃগাঁথনি প্ৰকল্পৰ কাম-কাজৰ বুজ লৈ এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে ১০০ খন বিচনাযুক্ত হোষ্টেলৰ লগতে ক্রিকেট খেলুৱৈ আৰু প্রশিক্ষকসকলৰ বাবে আন এটা আধুনিক হোষ্টে...