জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্রেক আদালতত আজি পুনৰ আৰম্ভ হৈছে। আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে আদালতে জাৰি কৰা চমনৰ ভিত্তিত আদালতত উপস্থিত হোৱা জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু বন্ধু জয়ন্ত কাকতিৰ সাক্ষ্য প্ৰদানৰ প্রক্রিয়া ফাষ্ট ট্রেক আদালতত ইতিমধ্যে আৰম্ভ হৈছে।
উল্লেখযোগ্য যে গোচৰটোৰ দায়িত্বত থকা ন্যায়াধীশ শর্মিলা ভূঞা ছুটীত যোৱাৰ বাবে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ শুনানি প্রায় এসপ্তাহ ধৰি বন্ধ আছিল। আজি পুনৰ আৰম্ভ হোৱা এই বিচাৰ প্ৰক্ৰিয়াত আদালতে একাধিক সাক্ষীৰ সাক্ষ্য গ্রহণ কৰিব।
আনহাতে এই গোচৰৰ অভিযুক্ত সিদ্ধার্থ শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো আজি শুনানি গ্রহণ কৰা হ’ব। একেদৰে ফাষ্ট ট্রেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্রত্যাহ্বান জনাই অভিযুক্ত সন্দিপন গার্গে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদন সন্দর্ভতো উচ্চ ন্যায়ালয়ে আজি শুনানি গ্রহণ কৰিব।