নিউজিলেণ্ডৰ অভিনেতা ছেম নীলৰ আজি ৭৮ বছৰ বয়সত দেহাৱসান

জুৰাছিক পাৰ্ক আৰু দা পিয়ানোৰ লেখীয়া ছবিত কৰা অভিনয়ৰ জৰিয়তে খ্যাতি অৰ্জন কৰা নিউজিলেণ্ডৰ অভিনেতা ছেম নীলৰ আজি ৭৮ বছৰ বয়সত দেহাৱসান ঘটে।

আকস্মিকভাৱে অনাকাংক্ষিত ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈ অভিনেতাগৰাৰীয়ে আজি ছিডনীত শেষ নিশ্বাস ত্যাগ কৰে বুলি তেওঁৰ পৰিয়ালৰ লোকে জানিবলৈ দিছে।

উল্লেখযোগ্য যে, শ্বেত ৰক্তকণিকাক আক্ৰান্ত কৰা এবিধ অতিশয় জটিল ধৰণৰ টি-চে’ল লিম্ফ’মা ৰোগত ভুগি থকা বুলি অভিনেতাগৰাকীয়ে ২০২৩ চনত প্ৰকাশ কৰিছিল।

নিজৰ পাঁচ দশক জোৰা প্ৰতিভাশালী অভিনয় জীৱনত নীলে আগশাৰীৰ মঞ্চ আৰু হলিউদ উভয়তে সুনাম অৰ্জন কৰিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।