শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে আজিৰেপৰা দুমাহৰ বাবে বন্ধ ৰখা হৈছে। মেৰামতিৰ বাবে পুৰণি দলংখন বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত নতুন দলঙেৰে যাতায়াত ব্যবস্থা চলিব বুলি প্রকাশ কৰা হৈছে। বে’ল বিভাগে দলংখন মেৰামতিৰ দায়িত্ব লৈছে। উল্লেখযোগ্য যে দলংখন ১৫ ছেপ্তেম্বৰলৈ বন্ধ থাকিব বুলি কিছুদিন পূর্বে কামৰূপ মহানগৰ জিলা আযুক্ত স্বপ্নীল পালে সংবাদমেলত প্ৰকাশ কৰিছিল। মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ উপ-আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ সৈতে এই সংবাদমেলত আয়ুক্তগৰাকীয়ে এই কথা ঘোষণা কৰে। জিলা আয়ুক্তগৰাকীয়ে কয়, যে ৰে’ল বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে আলোচনাৰ পাছত পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হয়। এই ক্ষেত্রত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন ব্যৱস্থাপনা সাজু কৰি তোলা হৈছে বুলি জিলা আযুক্তগৰাকীয়ে জানিবলৈ দিয়ে। উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে শৰাইঘাটৰ নতুন দলংখনেৰে যাতায়াত কৰাৰ সময়ত প্রশাসনে বান্ধি দিয়া নীতিসমূহ মানি চলিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।
আনহাতে, গুৱাহাটীৰ যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত আৰু কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে জাৰি কৰা নির্দেশনা অনুসৰি নামনিৰ পৰা উজনি অসমৰ দিশলৈ অহা সকলো গধুৰ যান-বাহন বাইহাটা চাৰিআলি-কলিয়াবৰ তিনিআলি হৈ যাব লাগিব। পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ নতুন শৰাইঘাট দলঙেৰে বাণিজ্যিক মালবাহী বাহনৰ গুৱাহাটী মহানগৰীত প্ৰবেশ আৰু প্ৰস্থানত বাধা আৰোপ কৰা হৈছে।