July 13, 2026 1:30 PM
3
শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে আজিৰেপৰা দুমাহৰ বাবে বন্ধ
শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে আজিৰেপৰা দুমাহৰ বাবে বন্ধ ৰখা হৈছে। মেৰামতিৰ বাবে পুৰণি দলংখন বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত নতুন দলঙেৰে যাতায়াত ব্যবস্থা চলিব বুলি প্রকাশ কৰা হৈছে। বে'ল বিভাগে দলংখন মেৰামতিৰ দায়িত্ব লৈছে। উল্লেখযোগ্য যে দলংখন ১৫ ছেপ্তেম্বৰলৈ বন্ধ থাকিব বুলি কিছুদিন পূর্বে কামৰূপ মহানগৰ জিলা আযুক্ত স্বপ্নীল পালে সংবাদমেলত প্ৰকাশ কৰিছিল। মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ উপ-আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ সৈতে এই সংবাদমেলত আয়ুক্তগৰাকীয়ে এই কথা ঘোষণা কৰে। জিলা আয়ুক্তগৰাকীয়ে কয়, যে ৰে'ল বিভাগকে ধৰ...