July 13, 2026 8:10 PM

views 3

উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠৰ

প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠে আজি উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰে আৰু ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী আৰু সৈনিক স্কুল সমূহৰ বিষয়ে অৱগত কৰে। উপ ৰাষ্ট্ৰপতি ভৱনত হোৱা এই সাক্ষাত্ৰ সময়ত ৰাষ্ট্ৰ গঠনত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ অৱদানক প্ৰশংসা কৰি এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অধীনত কেডেট এক্সে...

July 13, 2026 8:06 PM

views 6

তামিলনাডুৰ মাদুৰাইৰ সমীপৰ মেলোৰত সংঘটিত বাছ দুৰ্ঘটনাত ৬জন লোকৰ মৃত্যু

তামিলনাডুৰ মাদুৰাইৰ সমীপৰ মেলোৰত সংঘটিত এটা বাছ দুৰ্ঘটনাত আজি ৬জন লোকৰ মৃত্যু হয়। কোট্টামবাট্টি পথত দুখন বাছে মুখামুখিকৈ খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। গুৰুতভাৱে আঘাতপ্ৰাপ্ত ৭ জন আৰু কমকৈ আঘাতপ্রাপ্ত আন ১৫ জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তামিলনাডুৰ মুখ্য মন্ত্ৰী ছি যোশেফ বিজয়ে নিহতসকলৰ পৰ...

July 13, 2026 7:59 PM

views 13

ভি বি জি ৰাম জি আঁচনি ৰূপায়ণত অসমে উল্লেখযোগ্য সফলতা লাভ কৰিছে

বিকশিত ভাৰত নিশ্চিত ৰোজগাৰ আৰু জীৱিকা অভিযান চমুকৈ ভি বি জি ৰাম জি আঁচনি ৰূপায়ণত অসমে উল্লেখযোগ্য সফলতা লাভ কৰিছে। এই আঁচনিৰ অধীনত অসম ফান্দ ট্ৰেনফাৰ অৰ্ডাৰ চমুকৈ এফ টি অ' সৃষ্টি কৰা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে। ইয়াৰ লগতে জবকার্ড থকা শ্রমিকসকললৈ সময়মতে মজুৰি, সামগ্ৰী যোগান ধৰোতাসকলক সম...

July 13, 2026 7:17 PM

views 10

প্রহেলিকা কুইজ ফ’ৰাম, দৰঙৰ উদ্যোগত মঙলদৈত অধ্যাপক দিলীপ কুমাৰ বৰুৱা সোঁৱৰণী তৃতীয় সদৌ অসম মুকলি প্রাইজমানি কুইজ প্রতিযোগিতা অনুষ্ঠিত

প্রহেলিকা কুইজ ফ’ৰাম, দৰঙৰ উদ্যোগত মঙলদৈত কালি অধ্যাপক দিলীপ কুমাৰ বৰুৱা সোঁৱৰণী তৃতীয় সদৌ অসম মুকলি প্রাইজমানি কুইজ প্রতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত দৰঙৰ দিলীপ কুমাৰ শৰ্মা আৰু নলবাৰীৰ বিজিত দাসৰ যুটিয়ে শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰে। অসমৰ ভিন্ন প্ৰান্তৰ প্ৰায় চল্লিশটা কুইজৰ দলে অংশ লোৱা এই প...

July 13, 2026 6:59 PM

views 8

ৰাজ্যৰ অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ জলপানিৰ বাবে আবেদন আহ্বান

ৰাজ্যৰ অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ে ২০২৬-২৭ শিক্ষাবৰ্ষৰ অন্যান্য পিছপৰা শ্ৰেণী, অর্থনৈতিকভাৱে পিছপৰা শ্ৰেণী আৰু ডি-ন'টিফাইড ট্রাইব শ্ৰেণীৰ যোগ্য ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰাক্-মেট্ৰিক আৰু মেট্ৰিক পৰীক্ষাৰ পাছৰ জলপানিৰ আবেদন আহ্বান কৰিছে। আবেদনসমূহ ৰাষ্ট্ৰীয় জলপানি পোৰ্টেলৰ জৰিয়তে...

July 13, 2026 6:56 PM

views 5

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত এ আই এফ আঁচনি সন্দৰ্ভত এখন সজাগতা সভা

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত আজি কৃষি আন্তঃগাঁথনি পুঁজি চমুকৈ এ আই এফ আঁচনি সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত কৃষকসকলক এ আই এফ আঁচনিৰ সুবিধা, আবেদন পদ্ধতা, আৰু এই আঁচনিৰ জৰিয়তে লাভ কৰিব পৰা সুবিধাসমূহৰ বিষয়ে অৱগত কোৱা হয়। অনুষ্ঠানত কৃষক, কৃষক উৎপাদক সংগঠন আৰু...

July 13, 2026 6:54 PM

views 8

অসম বিধানসভা অধিবেশনৰ ষষ্ঠ দিনত ডি-ভোটাৰ সন্দৰ্ভতো আলোচনা অনুষ্ঠিত

অসম বিধানসভা অধিবেশনৰ আজি ষষ্ঠ দিনা ডি-ভোটাৰ সন্দৰ্ভতো আলোচনা অনুষ্ঠিত হয়। বিধায়ক নুৰুল ইছলামে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত গৃহ আৰু ৰাজনৈতিক বিভাগৰ মন্ত্ৰী তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী পীযূষ হাজৰিকাই কয় যে ৰাজ্যৰ ভোটাৰ তালিকাত সম্প্ৰতি ৯১ হাজাৰ ৩৮৫ জন লোকৰ বিপৰীতে ডি-চিহ্ন লগো...

July 13, 2026 6:51 PM

views 7

অসম বিধানসভাৰ ষষ্ঠ দিনত মহিলাৰ মাইক্ৰ’ফাইনেন্স ঋণ সন্দৰ্ভত আলোচনা

অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ আজি ষষ্ঠ দিনা মহিলাৰ মাইক্ৰ’ফাইনেন্স ঋণ সন্দৰ্ভত আলোচনা কৰা হয়। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে মহিলাৰ মাইক্ৰ'ফাইনেন্স ঋণ সন্দৰ্ভত উত্থাপন কৰা বিষয়ত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিতংভাৱে প্ৰকাশ কৰে। মন্ত্ৰী মল্লবৰুৱাই কয়, যে কোনো বেংকে এগৰাকী মহিলাক মাইক্ৰ'ফাইনেন্সৰ ঋ...

July 13, 2026 6:48 PM

views 6

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়াত পামি বৰঠাকুৰৰ সাক্ষ্য প্ৰদানৰ বাবে কাইলৈ দিন ধাৰ্য

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি পুনৰ অনুষ্ঠিত হয়। আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে আদালতত আজি জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতিয়ে সাক্ষ্য প্রদান কৰে। অৱশ্যে সময়ৰ অভাৱৰ বাবে আদালতৰ মজিয়াত জয়ন্ত কাকতিৰ সাক্ষ্য প্ৰদান প্রক্র...

July 13, 2026 6:42 PM

views 10

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি পৰৱৰ্তী ২-৩ দিনত গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

যোৰাবাটৰ ন-মাইল আৰু দহ-মাইলত ধাৰাসাৰ বৰষুণৰ ফলত কালি হোৱা কৃত্রিম বানৰ পাছত আজি অঞ্চলটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে। দূৰণিলৈ যাবলগীয়া যান-বাহনসমূহ বোকাময় পথত কেইবাঘণ্টা ধৰি আৱদ্ধ হৈ আছে। বানৰ পাছত যোৰাবাটৰ পৰা খানাপাৰালৈকে অঞ্চলটো বোকাৰে ভৰি পৰিছে। উল্লেখযোগ্য যে কৃত্রিম বানৰ ফলত কালি উজনি উত্তৰ আ...