ৰাজ্যৰ অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ জলপানিৰ বাবে আবেদন আহ্বান

ৰাজ্যৰ অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ে ২০২৬-২৭ শিক্ষাবৰ্ষৰ অন্যান্য পিছপৰা শ্ৰেণী, অর্থনৈতিকভাৱে পিছপৰা শ্ৰেণী আৰু ডি-ন’টিফাইড ট্রাইব শ্ৰেণীৰ যোগ্য ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰাক্-মেট্ৰিক আৰু মেট্ৰিক পৰীক্ষাৰ পাছৰ জলপানিৰ আবেদন আহ্বান কৰিছে।

আবেদনসমূহ ৰাষ্ট্ৰীয় জলপানি পোৰ্টেলৰ জৰিয়তে গ্ৰহণ কৰা হৈছে। ১ জুনৰ পৰা আৰম্ভ হোৱা জলপানিৰ বাবে আবেদনৰ অন্তিম তাৰিখ হৈছে ৩০ ছেপ্তেম্বৰ৷