বিকশিত ভাৰত নিশ্চিত ৰোজগাৰ আৰু জীৱিকা অভিযান চমুকৈ ভি বি জি ৰাম জি আঁচনি ৰূপায়ণত অসমে উল্লেখযোগ্য সফলতা লাভ কৰিছে। এই আঁচনিৰ অধীনত অসম ফান্দ ট্ৰেনফাৰ অৰ্ডাৰ চমুকৈ এফ টি অ’ সৃষ্টি কৰা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে। ইয়াৰ লগতে জবকার্ড থকা শ্রমিকসকললৈ সময়মতে মজুৰি, সামগ্ৰী যোগান ধৰোতাসকলক সময়মতে ধন আৰু প্ৰশাসনিক ব্যয়ৰ ধন পৰিশোধ কৰা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে অসমে কৃতিত্ব লাভ কৰিছে।
কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু পঞ্চায়ত তথা গ্রামোন্নয়ন মন্ত্রী অতুল বৰাৰ নেতৃত্বত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰমোন্নয়ন বিভাগে ডিব্ৰুগড় জিলাৰ টিংখং উন্নয়ন খণ্ডৰ নিৰ্বাচিত গাঁৱত আঁচনিৰ ধনৰ মঞ্জুৰী আৰু আৱণ্টন প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত শ্ৰমিকসকলৰ বাবে বছৰত ১২৫ দিনৰ কৰ্ম উপাৰ্জন নিশ্চিত কৰা, গ্রামী ৰোজগাৰ কাৰ্ড প্ৰদান কৰা আৰু দ্ৰুত তথা প্ৰত্যক্ষ মজুৰী প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।
মহাত্মা গান্ধী এনৰেগা আঁচনিৰ অধীনত অসমে ইতিমধ্যে কিউ আৰ সংলগ্ন স্মার্ট কার্ড প্ৰৱৰ্তন কৰি নিয়োগ পৰিসংখ্যা, ৰিয়েল টাইম ট্রেকিং, ক্ষিপ্ৰতাৰে তথ্য পৰীক্ষণ আৰু দায়বদ্ধতা ৰক্ষা কৰাটো সম্ভৱ হৈ পৰিছে। আন্তঃগাঁথনিৰ উন্নয়ন, জল সুৰক্ষা, কর্মস্থলীত প্ৰাথমিক চিকিৎসা আদিৰ সুচল ব্যৱস্থাও কৰা হৈছে। এই আঁচনিৰ জৰিয়তে পুখুৰী খন্দাৰ লগতে বাট-পথ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। এইদৰে গ্ৰাম্যাঞ্চল আৰু গঞা ৰাইজৰ উন্নয়নেৰে দেশক প্ৰগতিৰ পথেৰে আগুৱাই নিয়াৰ প্ৰয়াস কৰা হৈছে।