July 13, 2026 7:59 PM

views 16

ভি বি জি ৰাম জি আঁচনি ৰূপায়ণত অসমে উল্লেখযোগ্য সফলতা লাভ কৰিছে

বিকশিত ভাৰত নিশ্চিত ৰোজগাৰ আৰু জীৱিকা অভিযান চমুকৈ ভি বি জি ৰাম জি আঁচনি ৰূপায়ণত অসমে উল্লেখযোগ্য সফলতা লাভ কৰিছে। এই আঁচনিৰ অধীনত অসম ফান্দ ট্ৰেনফাৰ অৰ্ডাৰ চমুকৈ এফ টি অ' সৃষ্টি কৰা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে। ইয়াৰ লগতে জবকার্ড থকা শ্রমিকসকললৈ সময়মতে মজুৰি, সামগ্ৰী যোগান ধৰোতাসকলক সময়মতে ধন আৰু প্ৰশাসনিক ব্যয়ৰ ধন পৰিশোধ কৰা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে অসমে কৃতিত্ব লাভ কৰিছে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু পঞ্চায়ত তথা গ্রামোন্নয়ন মন্ত্রী অতুল বৰাৰ নেতৃত্বত ...