তামিলনাডুৰ মাদুৰাইৰ সমীপৰ মেলোৰত সংঘটিত বাছ দুৰ্ঘটনাত ৬জন লোকৰ মৃত্যু

তামিলনাডুৰ মাদুৰাইৰ সমীপৰ মেলোৰত সংঘটিত এটা বাছ দুৰ্ঘটনাত আজি ৬জন লোকৰ মৃত্যু হয়। কোট্টামবাট্টি পথত দুখন বাছে মুখামুখিকৈ খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

গুৰুতভাৱে আঘাতপ্ৰাপ্ত ৭ জন আৰু কমকৈ আঘাতপ্রাপ্ত আন ১৫ জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তামিলনাডুৰ মুখ্য মন্ত্ৰী ছি যোশেফ বিজয়ে নিহতসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা প্রকাশ কৰাৰ লগতে ৩ লাখ টকাকৈ এককালীন সাহায্যৰ বিষয়ে ঘোষণা কৰিছে।

ইপিনে, মহাৰাষ্ট্ৰৰ পুণে জিলাত আজি পুৱা সংঘটিত আন এটা শোকাবহ দুর্ঘটনাত এখন ট্রাকে খোজকাঢ়ি অহা এটা তীর্থযাত্রী দলক মহতিয়াই নিয়াৰ ফলত ৩ গৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে ৭ জন লোক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি নান্দেৰ জিলাৰ পৰা অহা ট্ৰাকখনৰ চালকজনে বেলচৰ টোলগেটৰ সমীপত নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতেই দুর্ঘটনাতো সংঘটিত হয়। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী দেবেন্দ্ৰ ফাৰনাবীজে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে ভুক্তভোগীৰ পৰিয়াললৈ ৫ লাখ টকাৰ বিত্তীয় সাহায্য আগবঢ়োৱাৰ বিষয়ে ঘোষণা কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।