July 13, 2026 8:06 PM

views 20

তামিলনাডুৰ মাদুৰাইৰ সমীপৰ মেলোৰত সংঘটিত বাছ দুৰ্ঘটনাত ৬জন লোকৰ মৃত্যু

তামিলনাডুৰ মাদুৰাইৰ সমীপৰ মেলোৰত সংঘটিত এটা বাছ দুৰ্ঘটনাত আজি ৬জন লোকৰ মৃত্যু হয়। কোট্টামবাট্টি পথত দুখন বাছে মুখামুখিকৈ খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। গুৰুতভাৱে আঘাতপ্ৰাপ্ত ৭ জন আৰু কমকৈ আঘাতপ্রাপ্ত আন ১৫ জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তামিলনাডুৰ মুখ্য মন্ত্ৰী ছি যোশেফ বিজয়ে নিহতসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা প্রকাশ কৰাৰ লগতে ৩ লাখ টকাকৈ এককালীন সাহায্যৰ বিষয়ে ঘোষণা কৰিছে। ইপিনে, মহাৰাষ্ট্ৰৰ পুণে জিলাত আজি পুৱা সংঘটিত আন এটা শোকাবহ দুর্ঘটনাত এখন ট্রাকে খোজকাঢ়ি অহা এটা তীর্থযাত্রী...

December 1, 2025 12:13 PM

views 53

তামিলনাডুৰ শিৱগংগা জিলাৰ কুম্মানগুড়িত দুখন বাছৰ মুখামুখি সংঘৰ্ষত ১১ জন লোকৰ মৃত্যু

● তামিলনাডুৰ শিৱগংগা জিলাৰ কুম্মানগুড়িত কালি দুখন বাছৰ মুখামুখি সংঘৰ্ষৰ ফলত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫৪ জন লোক আহত হয়। ইয়াৰে এখন বাছ তিৰুপুৰৰ পৰা কাড়াইকুড়ি অভিমুখে গৈ আছিল আৰু আনখন ডিনডিগুল জিলাৰ পৰা কাড়াইকুড়ি অভিমুখে আহি আছিল। তিৰুপটুৰ এলেকাৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগত সংঘটিত এই দুৰ্ঘটনাৰ পাছতে অঞ্চলটোৰ লোক আৰু সুস্থ অৱস্থাত থকা যাত্ৰীসকলৰ সহযোগত ভগ্ন বাছ দুখনৰ তলত আৱদ্ধ হৈ ৰোৱা ভালেসংখ্যক লোকক উদ্ধাৰ কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে এই পথ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি গভীৰ ...

November 17, 2025 8:12 PM

views 56

মক্কাৰ পৰা মদিনালৈ যোৱা যাত্রীবাহী বাছ দুৰ্ঘটনাত ৪৫ গৰাকী ভাৰতীয় তীর্থ যাত্ৰীৰ মৃত্যু

চৌদি আৰৱৰ মক্কাৰ পৰা মদিনালৈ যোৱা এখন যাত্রীবাহী বাছ আজি নিচেই পুৱা দুৰ্ঘটনাগ্ৰস্ত হোৱাত ৪৫ গৰাকী ভাৰতীয় তীর্থ যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে। উল্লেখযোগ্য যে ভাৰতীয় সময় অনুসৰি মাজনিশা প্ৰায় ১.৩০ বজাত মুফৰিহাট নামৰ ঠাইত বাছখনে এখন ডিজেল কঢ়িওৱা টেংকাৰত খুন্দা মাৰে। বাছখনত ১১ গৰাকী মহিলা আৰু ১০টি শিশু থকাৰ তথ্য পোহৰলৈ আহিছে। উল্লেখযোগ্য যে বাছখন মক্কাৰ পৰা মদিনালৈ উভতি আহি আছিল। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনা সন্দৰ্ভত শোক প্রকাশ কৰে। তেওঁ নিহতসকলৰ পৰিয়ালবৰ্গ...