প্রহেলিকা কুইজ ফ’ৰাম, দৰঙৰ উদ্যোগত মঙলদৈত কালি অধ্যাপক দিলীপ কুমাৰ বৰুৱা সোঁৱৰণী তৃতীয় সদৌ অসম মুকলি প্রাইজমানি কুইজ প্রতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত দৰঙৰ দিলীপ কুমাৰ শৰ্মা আৰু নলবাৰীৰ বিজিত দাসৰ যুটিয়ে শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰে।
অসমৰ ভিন্ন প্ৰান্তৰ প্ৰায় চল্লিশটা কুইজৰ দলে অংশ লোৱা এই প্রতিযোগিতাত দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে হাউলিৰ অৰ্ণৱ ৰাজ দাস আৰু বৰপেটাৰ কাব্যজ্যোতি দাসৰ দলে। পাঠশালাৰ দুল হাজৰিকা আৰু ভাৰ্গৱ ভূষণ বিশ্বপতিৰ দলে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে।
সদৌ অসম মুকলি কুইজৰ পূৰ্বে দৰং-ওদালগুৰি জিলা ভিত্তিক পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ মুকলি একক লিখিত স্কুল কুইজ আৰু দশম শ্ৰেণীলৈ মুকলি চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত হয়।
প্রহেলিকা কুইজ ফ’ৰামৰ সভাপতি মৃত্যুঞ্জয় কুমাৰ দেৱ শৰ্মাই পতাকা উত্তোলনেৰে আৰম্ভ কৰা এই দিনজোৰা কাৰ্যসূচীৰ আৰম্ভণিতে অধ্যাপক দিলীপ কুমাৰ বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাপণ কৰা হয়। ইয়াৰ পিছতে প্ৰতিযোগিতাখন উদ্বোধন কৰে মঙলদৈৰ প্ৰাক্তন বিধায়ক তথা প্রাক্তন মন্ত্রী বসন্ত দাসে।