July 13, 2026 7:17 PM

views 13

প্রহেলিকা কুইজ ফ’ৰাম, দৰঙৰ উদ্যোগত মঙলদৈত অধ্যাপক দিলীপ কুমাৰ বৰুৱা সোঁৱৰণী তৃতীয় সদৌ অসম মুকলি প্রাইজমানি কুইজ প্রতিযোগিতা অনুষ্ঠিত

প্রহেলিকা কুইজ ফ’ৰাম, দৰঙৰ উদ্যোগত মঙলদৈত কালি অধ্যাপক দিলীপ কুমাৰ বৰুৱা সোঁৱৰণী তৃতীয় সদৌ অসম মুকলি প্রাইজমানি কুইজ প্রতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত দৰঙৰ দিলীপ কুমাৰ শৰ্মা আৰু নলবাৰীৰ বিজিত দাসৰ যুটিয়ে শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰে। অসমৰ ভিন্ন প্ৰান্তৰ প্ৰায় চল্লিশটা কুইজৰ দলে অংশ লোৱা এই প্রতিযোগিতাত দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে হাউলিৰ অৰ্ণৱ ৰাজ দাস আৰু বৰপেটাৰ কাব্যজ্যোতি দাসৰ দলে। পাঠশালাৰ দুল হাজৰিকা আৰু ভাৰ্গৱ ভূষণ বিশ্বপতিৰ দলে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। সদৌ অসম মুক...

June 6, 2025 6:58 PM

views 60

দৰং জিলাৰ পাথৰিঘাট ৰাজহচক্ৰৰ অন্তৰ্গত উত্তৰ কমাৰ গাঁৱত খাদ্যত বিষক্রিয়া হৈ প্ৰায় ২০০ লোক অসুস্থ

দৰং জিলাৰ পাথৰিঘাট ৰাজহচক্ৰৰ অন্তৰ্গত উত্তৰ কমাৰ গাঁৱত কালি খাদ্যত বিষক্রিয়া হৈ প্ৰায় ২০০ লোক অসুস্থ হৈ পৰাৰ পাছত জিলা স্বাস্থ্য বিভাগে মোৱামাৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ থকা ৬ জন ৰোগীক আজি মঙলদৈ অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰে। গাঁওখনৰ লক্ষ্মী মন্দিৰত অনুষ্ঠিত জেঠমহীয়া মাংগলিক অনুষ্ঠানত মাহ-প্ৰসাদ খোৱাৰ পাছত শিশু আৰু মহিলাকে ধৰি প্ৰায় ২০০ লোক অসুস্থ হৈ পৰে। জিলা স্বাস্থ্য বিভাগৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ মঙলদৈৰ সংবাদদাতাই জনোৱা মতে আক্রান্তসকলৰ ৫৭ জনক পাথৰিঘাট খণ্ড প্ৰাথমিক...

February 2, 2025 7:35 PM

views 72

মঙলদৈ টাউন ক্লাবৰ শতবৰ্ষ উপলক্ষে অসমভিত্তিক চাইকেল চালনা প্রতিযোগিতা অনুষ্ঠিত

দৰং জিলাৰ মঙলদৈ টাউন ক্লাবৰ দুদিনীয়া শতবৰ্ষ সামৰণি অনুষ্ঠানৰ আজি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে আজি পুৱা অসমভিত্তিক চাইকেল চালনা প্রতিযোগিতাৰ আয়োজন কৰা হয়। প্রতিযোগিতাত গুৱাহাটীৰ সুমন জ্যোতি দাসে প্রথম স্থান দখল কৰে। ৰাজ্যিক ভলীবল খেলুৱৈ গোবিন্দ বাগলাৰীয়ে এই প্ৰতিযোগিতা মুকলি কৰে। প্ৰতিযোগিতাত মুঠ ৪৭ গৰাকী খেলুৱৈয়ে যোগদান কৰে। ইয়াৰ পূৰ্বে কালি অনুষ্ঠিত সদৌ অসম ভিত্তিক প্রাইজমানি মাৰাথন প্রতিযোগিতাত গোলাঘাটৰ টিখেশ্বৰ কুৰ্মীয়ে প্ৰথম স্থান দখল কৰে।

January 5, 2025 8:00 PM

views 61

মঙলদৈত ইনফিনিটি থ্ৰি পইণ্ট জীৰ শীৰ্ষক তৃতীয় বাৰ্ষিক আলোকচিত্র প্রদর্শনী অনুষ্ঠিত

ৰাজ্যৰ অপেচাদাৰী যুৱ আলোকচিত্র শিল্পীসকলক তেওঁলোকৰ সৃষ্টিশীল প্রতিভা বিকশিত হোৱাত সুযোগ প্ৰদানৰ লক্ষ্যৰে দৰং জিলা ফটোগ্রাফিক চ'ছাইটিৰ উদ্যোগত মঙলদৈ সনাতন ধর্ম সভা প্ৰাংগণত কালি বিয়লিৰ পৰা ইনফিনিটি থ্ৰি পইণ্ট জীৰ' শীৰ্ষক তৃতীয় বাৰ্ষিক আলোকচিত্র প্রদর্শনী অনুষ্ঠিত হয়। এই দুদিনীয়া প্ৰদৰ্শনীত অসমৰ লগতে কলকাতা, লণ্ডন, ডুবাই আদি বিশ্বৰ বিভিন্ন স্থানৰ ৭০ গৰাকী আলোকচিত্ৰ শিল্পীৰ মুঠ ১২৪ খন আলোকচিত্ৰ প্ৰদৰ্শন কৰা হয়। আলোকচিত্র সমূহে লেণ্ডস্কেপ, বন্যপ্ৰাণী, এষ্ট, ষ্ট্রীট, এৰিয়েল, ক্রীড়া, বিবাহ, ফেশ...

December 10, 2024 7:38 PM

views 51

মঙলদৈৰ দৰং কৰ্কট কেন্দ্ৰত কৰ্কট সজাগতাৰ লগতে বিনামুলীয়া পৰীক্ষা আৰু প্ৰাথমিক চিকিৎসা কার্যসূচী

মঙলদৈত থকা দৰং কৰ্কট কেন্দ্ৰত আজি দৰং আৰু ওদালগুৰি জিলাৰ মহিলা আৰক্ষীসকলৰ বাবে কৰ্কট সজাগতাৰ লগতে বিনামুলীয়া পৰীক্ষা আৰু প্ৰাথমিক চিকিৎসা কার্যসূচী সম্পন্ন হয়। জিলা দুখনৰ ৫০ গৰাকী মহিলা আৰক্ষীয়ে অংশ লোৱা এই দিনযোৰা কাৰ্যসূচীত কৰ্কট কেন্দ্ৰটোত উপলব্ধ চিকিৎসা সেৱা সমূহৰ লগতে কৰ্কট ৰোগৰ লক্ষণ, কাৰক আৰু ইয়াৰ প্ৰতিৰোধ আৰু সাৱধানতাৰ বিষয়ে জনোৱা হয়।

September 13, 2024 8:56 PM

views 54

মঙলদৈ মহাবিদ্যালয়ৰ আৰৱী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা প্রাক্তন সাংবাদিক ড° জামালুদ্দিন আহমেদৰ মৃত্যু

মঙলদৈ মহাবিদ্যালয়ৰ আৰৱী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা প্রাক্তন সাংবাদিক মঙলদৈৰ ২ নম্বৰ ৱাৰ্ড নিৱাসী ড° জামালুদ্দিন আহমেদৰ আজি এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ। ড° আহমেদৰ মৃত্যুত সাংবাদিক সংগঠন মঙলদৈ মিডিয়া চাৰ্কোলৰ লগতে স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।

June 15, 2024 2:58 PM

views 49

মঙলদৈ জিলা পুথিভঁৰালত ‘বিষ্ণু ৰাভাৰ আভা’ শীৰ্ষক এখন নাট মঞ্চস্থ হ’ব

মঙলদৈ জিলা পুথিভঁৰালত সমাগত ৰাভা দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বিষ্ণু ৰাভাৰ আভা শীৰ্ষক এখন নাট মঞ্চস্থ কৰা হ'ব। ৰাজ্যৰ আগশাৰীৰ নাট্যগোষ্ঠী জেঙৰাই অসমে নিবেদন কৰা বিষ্ণু ৰাভাৰ জীৱনৰ বৰ্ণিল পৰিক্ৰমাক সামৰি ৰচিত ৬৫ মিনিট দৈৰ্ঘ্যৰ নাটখনি ১৯ জুনৰ সন্ধিয়া মঞ্চস্থ কৰা হ'ব। উল্লেখযোগ্য যে, আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ উদ্যোগত অহা ১৯ আৰু ২০ জুনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিষ্ণুৰাভা দিৱসৰ আয়োজন কৰা হৈছে। এই দিৱসৰ সৈতে সংগতি ৰাখি বিষ্ণু ৰাভা সংগীতৰ মুকলি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।