দৰং জিলাৰ পাথৰিঘাট ৰাজহচক্ৰৰ অন্তৰ্গত উত্তৰ কমাৰ গাঁৱত কালি খাদ্যত বিষক্রিয়া হৈ প্ৰায় ২০০ লোক অসুস্থ হৈ পৰাৰ পাছত জিলা স্বাস্থ্য বিভাগে মোৱামাৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ থকা ৬ জন ৰোগীক আজি মঙলদৈ অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰে। গাঁওখনৰ লক্ষ্মী মন্দিৰত অনুষ্ঠিত জেঠমহীয়া মাংগলিক অনুষ্ঠানত মাহ-প্ৰসাদ খোৱাৰ পাছত শিশু আৰু মহিলাকে ধৰি প্ৰায় ২০০ লোক অসুস্থ হৈ পৰে। জিলা স্বাস্থ্য বিভাগৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ মঙলদৈৰ সংবাদদাতাই জনোৱা মতে আক্রান্তসকলৰ ৫৭ জনক পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৪৬ জনক দুনি আদর্শ চিকিসালয়ত, পাঁচজনক চিপাঝাৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত আৰু ৬ জনক মঙলদৈৰ মোৱামাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কালিয়েই ভৰ্তি কৰোৱা হয়। আক্রান্ত কোনো এজনৰো অৱস্থা গুৰুতৰ নহয় বুলি আমাৰ সংবাদতাতাই জনাইছে।
Assamese | June 6, 2025 6:58 PM | Akashvani | Akashvani Guwahati | Food Poisoning | mangaldai
দৰং জিলাৰ পাথৰিঘাট ৰাজহচক্ৰৰ অন্তৰ্গত উত্তৰ কমাৰ গাঁৱত খাদ্যত বিষক্রিয়া হৈ প্ৰায় ২০০ লোক অসুস্থ