June 6, 2025 6:58 PM

views 64

দৰং জিলাৰ পাথৰিঘাট ৰাজহচক্ৰৰ অন্তৰ্গত উত্তৰ কমাৰ গাঁৱত খাদ্যত বিষক্রিয়া হৈ প্ৰায় ২০০ লোক অসুস্থ

দৰং জিলাৰ পাথৰিঘাট ৰাজহচক্ৰৰ অন্তৰ্গত উত্তৰ কমাৰ গাঁৱত কালি খাদ্যত বিষক্রিয়া হৈ প্ৰায় ২০০ লোক অসুস্থ হৈ পৰাৰ পাছত জিলা স্বাস্থ্য বিভাগে মোৱামাৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ থকা ৬ জন ৰোগীক আজি মঙলদৈ অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰে। গাঁওখনৰ লক্ষ্মী মন্দিৰত অনুষ্ঠিত জেঠমহীয়া মাংগলিক অনুষ্ঠানত মাহ-প্ৰসাদ খোৱাৰ পাছত শিশু আৰু মহিলাকে ধৰি প্ৰায় ২০০ লোক অসুস্থ হৈ পৰে। জিলা স্বাস্থ্য বিভাগৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ মঙলদৈৰ সংবাদদাতাই জনোৱা মতে আক্রান্তসকলৰ ৫৭ জনক পাথৰিঘাট খণ্ড প্ৰাথমিক...

March 30, 2025 3:30 PM

views 57

ঢকুৱাখনাৰ নাৰায়ণপুৰ চাপৰিত প্ৰসাদ খাই ৫০ জনৰো অধিক লোক অসুস্থ

■ ঢকুৱাখনাৰ নাৰায়ণপুৰ চাপৰিত প্ৰসাদ খাই ৫০ জনৰো অধিক লোক শৌচ, বমি, পেটৰ বিষ, মূৰৰ বিষত আক্ৰান্ত হৈছে। অসুস্থ লোকসকলক ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমানেও চিকিৎসালয়ত ৪০ জনৰো অধিক লোক চিকিৎসাধীন হৈ আছে। গুৰুতৰভাৱে অসুস্থ সকলক লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাতলৈ প্ৰেৰণ কৰা হৈছে।