মঙলদৈ জিলা পুথিভঁৰালত সমাগত ৰাভা দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বিষ্ণু ৰাভাৰ আভা শীৰ্ষক এখন নাট মঞ্চস্থ কৰা হ’ব। ৰাজ্যৰ আগশাৰীৰ নাট্যগোষ্ঠী জেঙৰাই অসমে নিবেদন কৰা বিষ্ণু ৰাভাৰ জীৱনৰ বৰ্ণিল পৰিক্ৰমাক সামৰি ৰচিত ৬৫ মিনিট দৈৰ্ঘ্যৰ নাটখনি ১৯ জুনৰ সন্ধিয়া মঞ্চস্থ কৰা হ’ব। উল্লেখযোগ্য যে, আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ উদ্যোগত অহা ১৯ আৰু ২০ জুনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিষ্ণুৰাভা দিৱসৰ আয়োজন কৰা হৈছে। এই দিৱসৰ সৈতে সংগতি ৰাখি বিষ্ণু ৰাভা সংগীতৰ মুকলি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
Assamese | June 15, 2024 2:58 PM | AIR GUWAHATI | Akashvani | Bishnu Rabha | mangaldai
মঙলদৈ জিলা পুথিভঁৰালত ‘বিষ্ণু ৰাভাৰ আভা’ শীৰ্ষক এখন নাট মঞ্চস্থ হ’ব