June 19, 2025 6:32 PM

views 54

বিষ্ণুৰাভা দিৱসৰ সৈতে সংগতি ৰাখি কেইবাগৰাকীও খ্যাতিমান ব্যক্তিক ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰিব

ৰাজ্য চৰকাৰে কাইলৈ বিষ্ণুৰাভা দিৱসৰ সৈতে সংগতি ৰাখি কেইবাগৰাকীও খ্যাতিমান ব্যক্তিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰিব। কাইলৈ নলবাৰীত হ'বলগীয়া বিষ্ণুৰাভা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। এই অনুসৰি ৩টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰ ভিতৰত বিশিষ্ট সংস্কৃত পণ্ডিত, গৱেষক, শিক্ষাবিদ ড° থানেশ্বৰ শৰ্মালৈ শ্ৰীশ্ৰীমাধৱদেৱ বঁটা, বিশিষ্ট কবি সাহিত্যিক ধনেশ্বৰ ইংতিলৈ কালীচৰণ ব্ৰহ্ম বঁটা আৰু সিন্দূৰ অভিযানত শহিদ হোৱা মণিপুৰৰ বীৰ জোৱান দীপক চিংখামলৈ বীৰ চিলাৰায় বঁটা আগবঢ়োৱা হ'...

June 15, 2024 2:58 PM

views 53

মঙলদৈ জিলা পুথিভঁৰালত ‘বিষ্ণু ৰাভাৰ আভা’ শীৰ্ষক এখন নাট মঞ্চস্থ হ’ব

মঙলদৈ জিলা পুথিভঁৰালত সমাগত ৰাভা দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বিষ্ণু ৰাভাৰ আভা শীৰ্ষক এখন নাট মঞ্চস্থ কৰা হ'ব। ৰাজ্যৰ আগশাৰীৰ নাট্যগোষ্ঠী জেঙৰাই অসমে নিবেদন কৰা বিষ্ণু ৰাভাৰ জীৱনৰ বৰ্ণিল পৰিক্ৰমাক সামৰি ৰচিত ৬৫ মিনিট দৈৰ্ঘ্যৰ নাটখনি ১৯ জুনৰ সন্ধিয়া মঞ্চস্থ কৰা হ'ব। উল্লেখযোগ্য যে, আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ উদ্যোগত অহা ১৯ আৰু ২০ জুনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিষ্ণুৰাভা দিৱসৰ আয়োজন কৰা হৈছে। এই দিৱসৰ সৈতে সংগতি ৰাখি বিষ্ণু ৰাভা সংগীতৰ মুকলি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।