ৰাজ্য চৰকাৰে কাইলৈ বিষ্ণুৰাভা দিৱসৰ সৈতে সংগতি ৰাখি কেইবাগৰাকীও খ্যাতিমান ব্যক্তিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰিব। কাইলৈ নলবাৰীত হ’বলগীয়া বিষ্ণুৰাভা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ’ব। এই অনুসৰি ৩টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰ ভিতৰত বিশিষ্ট সংস্কৃত পণ্ডিত, গৱেষক, শিক্ষাবিদ ড° থানেশ্বৰ শৰ্মালৈ শ্ৰীশ্ৰীমাধৱদেৱ বঁটা, বিশিষ্ট কবি সাহিত্যিক ধনেশ্বৰ ইংতিলৈ কালীচৰণ ব্ৰহ্ম বঁটা আৰু সিন্দূৰ অভিযানত শহিদ হোৱা মণিপুৰৰ বীৰ জোৱান দীপক চিংখামলৈ বীৰ চিলাৰায় বঁটা আগবঢ়োৱা হ’ব। একেদৰে চলিত বছৰৰ ৪ টা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ ভিতৰত বিশিষ্ট চিত্রশিল্পী নৰেন্দ্ৰ নাথ দাস আৰু বিশিষ্ট সত্ৰীয়া নৃত্য শিল্পী তথা গৱেষক ড° মল্লিকা কন্দলীলৈ বিষ্ণু ৰাভা বঁটা আগবঢ়োৱা হ’ব। সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক সোনাৰাম শৰ্মা বুঢ়াভকতলৈ শোণিতকোঁৱৰ গজেন বৰুৱা বঁটা আৰু বিশিষ্ট শিক্ষাসেৱী তথা সমাজসেৱক যজ্ঞেশ্বৰ চেতিয়ালৈ স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা আগবঢ়োৱা হ’ব।
Assamese | June 19, 2025 6:32 PM | Assam Govt | Bishnu Rabha | bishnu rabha divash 2025
বিষ্ণুৰাভা দিৱসৰ সৈতে সংগতি ৰাখি কেইবাগৰাকীও খ্যাতিমান ব্যক্তিক ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰিব