September 17, 2026 4:15 PM

views 3

প্রধানমন্ত্রী বিশ্বকর্মা আঁচনিৰ আজি ৪ বছৰ সম্পূৰ্ণ

প্রধানমন্ত্রী বিশ্বকর্মা আঁচনিয়ে আজি ৪ বছৰ সম্পূৰ্ণ কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ১৮ বিধ বছা বছা ব্যৱসায়ৰ সৈতে জড়িত কাৰিকৰ আৰু পৰম্পৰাগত কাৰুশিল্পীসকলক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে ২০২৩ চনৰ আজিৰ দিনটোতে এই আঁচনিখন শুভাৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত প্রধানমন্ত্রী বিশ্বকর্মা প্ৰমাণপত্ৰ আৰু পৰিচয় পত্ৰ...

September 17, 2026 4:12 PM

views 3

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত পাকিস্তানক কঠোৰ সমালোচনা ভাৰতৰ

পাকিস্তানে সন্ত্রাসবাদীৰ বাবে অনুকূল পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে সন্ত্রাসবাদী সংগঠন অল-কায়দাৰ নেতৃত্বক নিৰাপদ আশ্রয় দান কৰা বুলি দোষাৰোপ কৰি আমেৰিকাত সংঘটিত ১১ ছেপ্তেম্বৰৰ ঘটনাৰ বাবে ভাৰতে দেশখনক জগৰীয়া কৰিছে। আফগানিস্তানৰ পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন বৈঠকত পাকিস্তানক কঠ...

September 17, 2026 4:06 PM

views 3

নতুন দিল্লীৰ যশোভূমিত ছেমিকন ইণ্ডিয়া সম্মিলন আৰু প্ৰদৰ্শনীৰ পঞ্চম সংস্কৰণ মুকলি

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ যশোভূমিত ছেমিকন ইণ্ডিয়া সম্মিলন আৰু প্ৰদৰ্শনীৰ পঞ্চম সংস্কৰণ মুকলি কৰে। এই তিনিদিনীয়া সম্মিলনে এখন ধবজাবাহী মঞ্চ হিচাপে কাম কৰাৰ লগতে গোলকীয় ছেমি কণ্ডাক্টৰ আৰু বৈদ্যুতিন খণ্ডৰ প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰি সমন্বয় বৃদ্ধি, উদ্ভাবন, উৎপাদন সামর্থ বৃদ্ধি, বিন...

September 17, 2026 4:03 PM

views 4

কংগ্ৰেছ সভাপতি মল্লিকার্জুন খার্গে, ৰাহুল গান্ধীৰ প্রধানমন্ত্রী মোদীলৈ শুভেচ্ছা

ৰাজ্যৰসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ সভাপতি মল্লিকার্জুন খার্গে আৰু লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে প্রধানমন্ত্রী মোদীক তেওঁৰ জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া সুকীয়া বার্তাত দুয়োগৰাকী কংগ্ৰেছ নেতাই শ্রীমোদীক সুস্বাস্থ্য আৰু সুদীর্ঘ জীৱনৰ বাবে শুভেচ্ছা জনায়। প্রধান...

September 17, 2026 4:00 PM

views 6

আজিৰেপৰা সেৱা সমর্পন মাহৰ আয়োজন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা গুজৰাটৰ মুখ্যমন্ত্রী আৰু প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ মুঠ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰেপৰা সেৱা সমর্পন মাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে দেশৰ প্রান্তে প্রান্তে সেৱা সংকল্প অভিযানৰ অধীনত ভালেসংখ্যক কার্যসূচী লোৱা হৈছে। ১৭ অক্টোবৰলৈ চলিবলগীয়া এই অভিযা...

September 17, 2026 1:05 PM

views 7

শিৱসাগৰৰ কাংকন নগৰত মাদকদ্রব্যসহ দুজন সৰবৰাহকাৰীক আটক

শিৱসাগৰৰ কাংকান নগৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি আৰক্ষীয়ে মাদকদ্রব্যসহ দুজন সৰবৰাহকাৰীক আটক কৰে। লোক দুজনৰ পৰা আৰক্ষীয়ে প্ৰায় ৮০ গ্রাম মাদকদ্ৰব্যৰ লগতে এখন স্কুটী জব্দ কৰে। শিৱসাগৰৰ আৰক্ষী উপ-পৰিদৰ্শক দেৱাশিস শৰ্মাৰ নেতৃত্বত চলোৱা এই অভিযানত লোক দুজনক আটক কৰা হয় ৷

September 17, 2026 1:04 PM

views 6

ৰাজ্যৰ ৩৩ খন জিলাত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ

ৰাজ্যৰ ৩৩ খন জিলাত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হৈছে। বান ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হ'ব। জিলা দুখনত মাহজোৰা কাৰ্যসূচীৰে এই প্ৰক্ৰিয়া চলিব। চৰাইদেউ আৰু শিৱসাগৰ জিলাত বানৰ পৰিপ্ৰেক্ষিতত লোকপিয়লৰ কাম সাময়িকভাৱে স্থগিত আছিল। লোকপিয়ল সঞ্চা...

September 17, 2026 1:02 PM

views 8

আজিৰ পৰা ২ অক্টোবৰলৈ বিশেষ গণ জাগৰণ পদযাত্ৰা

ৰাজ্যত মাদক দ্রব্যমুক্ত আৰু শক্তিশালী সমাজ গঢ়াৰ সংকল্পৰে বিশেষ গণ জাগৰণ পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লোৱা হৈছে। আজিৰ পৰা ২ অক্টোবৰলৈ ৰূপায়ণ কৰিবলগীয়া ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ এই পদযাত্ৰাত ১০ খন জিলা সামৰি লোৱা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কাৰ্যসূচীৰ প্ৰতি আদৰণি জনাইছে। ...

September 17, 2026 1:01 PM

views 17

মুখ্যমন্ত্রী আন্তনিৰ্ভৰ অসম অভিযানৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অধীনত আজি হিতাধিকাৰীসকলৰ মাজত আর্থিক সাহায্য বিতৰণ

মুখ্যমন্ত্রী আন্তনিৰ্ভৰ অসম অভিযানৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অধীনত আজি হিতাধিকাৰীসকলৰ মাজত আর্থিক সাহায্য বিতৰণ কৰা হয়। গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই অভিযানৰ অধীনত মুঠ ৮২ হাজাৰ ২১৯ গৰাকী হিতাধিকাৰীক ২৭৮ কোটিৰো ...

September 17, 2026 12:49 PM

views 6

শ্বিলঙৰ মালকি গ্রাউণ্ডত মালকি বজাৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই কালি শ্বিলঙৰ মালকি গ্রাউণ্ডত ২৪ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ মালকি বজাৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। শ্বিলঙত বজাৰ আন্তঃগাথঁনি উন্নীতকৰণ উদ্যমৰ অংশ হিচাপে এই প্রকল্প ৰূপায়ন কৰা হ'ব। আনহাতে, স্মার্ট চিটি উদ্যমৰ অধীনত শ্বিলং আৰু ইয়াৰ কাষৰীয়া অঞ্চলত প্ৰ...